গুৱাহাটী, 16 জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপুৰ্তি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপুৰ্তি উপলক্ষে জনসম্পৰ্ক অভিযান আৰম্ভ কৰে বিজেপিৰ বিষয়ববীয়াই । মঙলবাৰে পুৱা ১১ বজাৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিজন লোকৰ ঘৰলৈ গৈ বিজেপিৰ কামৰ খাতিয়ান দাঙি ধৰে বিজেপি কৰ্মীসকলে ৷
মঙলবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তগৰ্ত প্ৰভাত বড়ো পথ (উজ্জ্বল নগৰ ধীৰেন পাৰা)ৰ প্ৰতি ঘৰলৈ গৈ প্ৰত্যেক জন মানুহৰ মনৰ ভাৱ বুজ লয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে। লগতে ৰাইজক বিগত চাৰি বছৰৰ বিজেপিৰ কামৰ ৰিপৰ্ট কাৰ্ড প্ৰদান কৰে । আনহাতে বিজেপিৰ একাংশ তৃণমূল কৰ্মীৰ কু-কৰ্মৰ বিৰুদ্ধে সৰৱ হৈ সভাপতি গৰাকীয়ে কয় যে, 'বিজেপিৰ লোকে বেয়া কাম কৰিলে কোনো সাৰি নাযায় ৷ যিসকলে দলৰ ক্ষতি হোৱা কাম কৰিছে তেওঁলোক সকলোৰে ওপৰত ব্যৱস্থা লোৱা হ'ব।
লগতে পঢ়কঃ লংকাত উদ্বেগজনকভাৱে বৃদ্ধি কৰ'ণা ৰোগী
আনহাতে, আজিৰ জনসম্পৰ্ক অভিযানত ৰঞ্জিত কুমাৰ দাসক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ লগতে পশ্চিম গুৱাহাটী মণ্ডলৰ বিজেপিৰ বহু নেতা কৰ্মীয়ে।