ETV Bharat / state

বিটিআৰত UPPLৰ চৰকাৰঃহোটেল লিলিত ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Dec 13, 2020, 1:25 PM IST

Updated : Dec 13, 2020, 1:46 PM IST

দেওবাৰে পুৱাৰে পৰা বিটিআৰত পৰিষদ গঠনৰ সমীকৰণ উলিয়াবলৈ গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হয় এখন ৰুদ্ধদ্বাৰ বৈঠক । এই বৈঠকত উপস্থিত থাকে ৰঞ্জিত দাস, প্ৰমোদ বড়ো, ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ তথা জি এছ পিৰ সভাপতি নৱ শৰণীয়া, পল্লৱলোচন দাস, মন্ত্ৰী পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা ৷

bjp-uppl-gsp-meet-at-hotel-lily
বিটিআৰত UPPLৰ চৰকাৰঃহোটেল লিলিত ৰুদ্ধদ্বাৰ বৈঠক

গুৱাহাটী,13 ডিচেম্বৰ: বিটিআৰত পৰিষদ গঠন কৰিব ইউ পি পি এল, বিজেপি আৰু জি এছ পিয়ে ৷ দেওবাৰে এই কথা ঘোষণা কৰিছে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

দেওবাৰে পুৱাৰে পৰা বি টি আৰত পৰিষদ গঠনৰ সমীকৰণ উলিয়াবলৈ গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হয় এখন ৰুদ্ধদ্বাৰ বৈঠক । এই বৈঠকত উপস্থিত থাকে ৰঞ্জিত দাস, প্ৰমোদ বড়ো, ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ তথা জি এছ পিৰ সভাপতি নৱ শৰণীয়া, পল্লৱলোচন দাস, মন্ত্ৰী পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাৰ লগতে বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷

ৰঞ্জিত দাসৰ মন্তব্য

প্ৰায় এঘন্টাজুৰি চলা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু প্ৰমোদ বড়োৱে ঘোষণা কৰে যে তিনিওটা দলৰ নিৰ্বাচিত এম চি এল এৰ সংখ্যা হৈছে ২১ গৰাকী । গতিকে বিটিআৰত সমিলমিলেৰে এই তিনি দলেই চৰকাৰ গঠন কৰিব । প্ৰমোদ বড়োৱে কয় যে বি টি আৰত কৰিবলগীয়া বহু কামেই এতিয়াও বাকী আছে ।

প্ৰমোদ বড়োৰ মন্তব্য

আনহাতে, উল্লেখযোগ্য যে এই ৰুদ্ধদ্বাৰ বৈঠক শেষ কৰিয়েই তিনিওটা দলৰ নেতৃবৰ্গ সদলবলে ৰাওনা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহলৈ । আজিৰ এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে তেওঁৰ পৰা পৰিষদ গঠন সন্দৰ্ভত পৰামৰ্শ লোৱা হব বুলি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ।

লগতে পঢ়ক-মথনগুৰীত বিজেপি প্ৰাৰ্থী গৌতম দাসৰ জয়লাভ

Last Updated : Dec 13, 2020, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.