গুৱাহাটী,১৭ ছেপ্তেম্বৰ : ৰাজ্যত কিছুদিনৰ পিছত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । ইতিমধ্যে খালী হৈ থকা ছটা বিধানসভা সমষ্টিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে । উপ-নিৰ্বাচনত আটাইকেইখন আসন যিকোনো প্ৰকাৰে দখল কৰাৰ কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দল বিজেপিয়ে ।
এইবাৰৰ উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৱৰ প্ৰভাৰী অজয় জামোৱালে । শুকুৰবাৰে গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে উপ-নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, উপ-নিৰ্বাচনৰ ৰাজ্যিক বিজেপি দলে সম্পূৰ্ণ ৰূপে সাজু ।
এইবাৰৰ উপ-নিৰ্বাচনত বিজেপিযে ৬ টা সমষ্টিয়ে আজুৰি আনিব, তাত কোনো সন্দেহ নাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীৰ পুনৰ কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সু-শাসন চলিছে ।
লগতে পঢ়কঃ নৰেন্দ্ৰ মোডীৰ জন্মদিনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ 'নিবনুৱা দিৱস' পালন
চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যকৰী পদক্ষেপ হাতত লৈছে । সেয়ে সমাগত উপ-নিৰ্বাচনত খালি হৈ থকা ছটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়লাভ কৰি মুখ্যমন্ত্ৰীৰ হাত অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে ।
উল্লেখযোগ্য যে, শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক ওপজা দিনটো সেৱা আৰু সমৰ্পণ দিৱস হিচাপে পালন কৰে ৰাজ্যিক বিজেপিয়ে । বিজেপিৰ দিছপুৰ মণ্ডল সমিতিৰ উদ্যোগতো মহানগৰীৰ পাথৰকুৱাৰীস্থিত ৰাজহুৱা নামঘৰত বন্তি প্ৰজ্বলন, নাম-প্ৰসংগৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনৰ শুভেচ্ছা জনাই ।
প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা কৰি বিজেপি দলৰ কৰ্মকৰ্তা সকলে নামঘৰত এগছিকৈ চাকি-বন্তি জ্বলাই জন্ম দিনৰ উলগ জনায় । এই কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূবৰ প্ৰভাৰী অজয় জামোৱাল, প্ৰাক্তন সাংসদ ৰমেন ডেকাকে ধৰি বিজেপিৰ কেইবাগৰাকী জেষ্ঠ নেতা আৰু কৰ্মকর্তা উপস্থিত থাকে ।
লগতে পঢ়কঃ যোৰহাটৰ NRL তেল ডিপোত গুলী চালনা কৰি ডকাইতি