ETV Bharat / state

বিজেপিৰ ৰাজ্য়িক মুখপাত্ৰ ৰূপম গোস্বামীৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ

author img

By

Published : Dec 2, 2020, 8:54 PM IST

বিজেপিৰ ৰাজ্য়িক মুখপাত্ৰ ৰূপম গোস্বামীৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ ৷ বিজ্ঞপ্তিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কটাক্ষ মুখপাত্ৰ গৰাকীৰ ৷ আগন্তক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান মুখপাত্ৰ গৰাকীৰ ৷

BJP state spokesperson Rupam Goswami's press release
বিজেপিৰ ৰাজ্য়িক মুখপাত্ৰ ৰূপম গোস্বামীৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ

গুৱাহাটী, 2 ডিচেম্বৰ : 'ভাৰতৰ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ নিশকতীয়া স্বৰূপ পুনৰ অসমবাসীয়ে প্রত্যক্ষ কৰিলে' ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গােস্বামীৰ । এক প্ৰেছ বিজ্ঞপ্তিযােগে প্ৰকাশ কৰিছে এই কথা ৷

লগতে, তেওঁ পুনৰ কয় যে, 21 চনৰ বিধানসভা নিৰ্বাচনটো বাদেই দিয়ক, অনুষ্ঠিত হ'বলগীয়া বিটিচি নিবার্চনৰ বাবেও কংগ্ৰেছৰ দৰে ভাৰতৰ পুৰণি ৰাজনৈতিক দলে এ আই ইউ ডি এফৰ লগত মিত্ৰতা স্থাপন কৰিছে ৷ আনকি, মিত্রতা কৰাই নহয়, বুধবাৰে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে একেখন হেলিকপ্টাৰত উঠি নির্বাচনী প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ৷

আনহাতে, আগন্তুক বিধানসভা নির্বাচনত কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফৰ মিত্রতা থকাটো 100 শতাংশ নিশ্চিত বুলি দাবী কৰে মুখপাত্ৰ গৰাকীয়ে ৷

লগতে পঢ়ক : পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.