ETV Bharat / state

Controversy of Namghariya: বিশ্বৰ ভিতৰত ভাৰততে মুছলমানসকল আটাইতকৈ সুখত আছে: বিজেপি

কংগ্ৰেছৰ বিধায়ক আফতাবুদ্দিন মোল্লাই কৰা মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ ৷ ‘‘হিন্দুসকল থকাৰ বাবেহে মুছলমানসকলো নিৰাপদে আছে ’’ এই মন্তব্য দত্তৰ ৷

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:12 PM IST

Controversy of Namghariya
বিশ্বৰ ভিতৰত ভাৰততে মুছলমানসকল আটাইতকৈ সুখীকৈ আছে

গুৱাহাটী, 6 নৱেম্বৰ : জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আফতাবুদ্দিন মোল্লাই নামঘৰীয়াৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমোলোচনাৰ সন্মুখীন হৈছে ৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে এইবাৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তয়ো কঠোৰ ভাষোৰে সমালোচনা কৰিছে বিধায়ক মোল্লাক ৷

বিধায়ক মোল্লাই অসমীয়া জাতিক অপমান কৰিছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় , ‘‘ কংগ্ৰেছ দলটোৱে হিন্দু ধৰ্মাৱলম্বী লোকসকলক অপমান কৰিছে ৷ লগতে হিন্দুসকলৰ উপাস্য দেৱ-দেৱতা, উপাসক তথা সম্পূৰ্ণ হিন্দু ধৰ্মটোকে অপমান কৰিছে‌ । কংগ্ৰেছৰ বিধায়কে হিন্দু ধৰ্মৰ বিৰুদ্ধে কৰা মন্তব্যই অসমীয়াৰ স্বাভিমানত আঘাত সানিছে ।’’

তেওঁ কয়, ‘‘বিধায়কজনে বিশেষকৈ নামঘৰীয়াসকলক ধৰ্ষণকাৰী সজাইছে । এনে মন্তব্য কৰাটো এটা অক্ষমনীয় অপৰাধ । যিটো দলৰ সভাপতিয়ে ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজাইছিল সেই দলৰ বিধায়কে এনে মন্তব্য কৰাটো স্বাভাৱিক কথা । কংগ্ৰেছ দলে হিন্দু ধৰ্মৰ মন্দিৰ নাইবা উপাসনাস্থলী নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বিৰোধিতা কৰি আহিছে । কংগ্ৰেছ দলে এতিয়া ইছলাম ধৰ্মৰ লোকসকলক তোষামোদ কৰাত ব্যস্ত ।’’

সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততে মুছলমানসকল আটাইতকৈ সুখত আছে বুলি উল্লেখ কৰি দত্তই কয়, ‘‘ভাৰত এখন হিন্দু ৰাষ্ট্ৰ ৷ হিন্দুসকলৰ বাবেই ইয়াত থকা মুছলমানসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখত আছে । মুছলমানক তোষামোদ কৰা ৰাজনীতিয়ে সমাজখনক ক্ষতিগ্ৰস্ত কৰিছে । ভাৰতবৰ্ষ বিশ্বৰ একমাত্র এনে এখন দেশ য'ত নেকি মুছলমানসকল শংকামুক্ত হৈ বসবাস কৰিব পাৰিছে । হিন্দুসকলৰ বাবেহে ভাৰতবৰ্ষত মুছলমানসকল শান্তিত আছে । কংগ্ৰেছৰ দিনতহে কেইবাটাও সৰু বৰ হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল ৷ বিজেপি চৰকাৰৰ দিনত তেনে ঘটনা এটাও হোৱা নাই ৷’’

সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল পাতি এইদৰে কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ বিধায়কৰ বিৰুদ্ধে সৰৱ হয় বিজেপিৰ নেতাগৰাকী ৷

লগতে পঢ়ক:Lok Sabha Election 2024 : বিজেপিৰ লগত একেটা পৰিয়ালৰ লগত আছো যিহেতু এডজাষ্টমেন্ট কৰিবই লাগিব : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.