ETV Bharat / state

কংগ্ৰেছৰ হাত সন্ত্রাসবাদীৰ সৈতে : ৰাজ্যিক বিজেপি - APCC president Bhupen Bora

কংগ্ৰেছৰ অভিযোগৰ পাছত সংবাদমেলত সৰৱ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাস আৰু মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা । কংগ্ৰেছৰ তুষ্টিকৰণৰ নীতিয়ে সন্ত্ৰাসবাদক লালন পালন কৰি আহিছে । সন্ত্ৰাসবাদী কার্যকলাপৰ বিৰুদ্ধে সময়মতে কঠোৰ সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবেই কংগ্ৰেছ আমোলত সমগ্ৰ দেশতে সন্ত্ৰাসবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল । আজমলৰ ঘৰত মাজনিশা মিলিত হয় কংগ্ৰেছৰ নেতা । এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ ৷

BJP spokesperson Ranjib Kumar Sharma
কংগ্ৰেছৰ হাত সন্ত্রাসবাদীৰ সৈতে: ৰাজ্যিক বিজেপি
author img

By

Published : Jul 10, 2022, 8:37 PM IST

গুৱাহাটী, ১০ জুলাই: ‘‘কংগ্ৰেছ দলৰ কামকাজ সন্ত্ৰাসবাদৰ পৰিপূৰক । দলটোৰ তুষ্টিকৰণৰ নীতিয়ে সন্ত্ৰাসবাদক লালন পালন কৰি আহিছে । সন্ত্ৰাসবাদী কার্যকলাপৰ বিৰুদ্ধে সময়মতে কঠোৰ সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবেই কংগ্ৰেছ আমোলত সমগ্ৰ দেশতে সন্ত্ৰাসবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল । সেয়েহে কোৱা হয় কংগ্ৰেছ কা হাত আতংকবাদী কে সাথ ।’’ এই অভিযোগ ৰাজ্যিক বিজেপিৰ ।

বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই (BJP spokesperson Ranjib Kumar Sharma) । উল্লেখ্য যে, শনিবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ ৰঞ্জিত ৰঞ্জনে (MP Ranjeet Ranjan) গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বিজেপি নেতা আৰু সন্ত্ৰাসবাদী ভাই ভাই আখ্যা দিছিল । লগতে বিজেপি আৰু সন্ত্ৰাসবাদৰ মাজত থকা সম্পৰ্কৰ বিষয়ে তথ্য সহকাৰে উল্লেখ কৰিছিল ।

কংগ্ৰেছৰ অভিযোগৰ পাছতে আজি সৰৱ হৈ পৰে ৰাজ্যিক বিজেপি । সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কয় যে, ইউ পি এৰ দহ বছৰীয়া শাসনকালত মুম্বাইৰ তাজ হোটেল আক্ৰমণকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক বোমা বিস্ফোৰণেৰে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছিল (Attack on Taj Hotel Mumbai) । কিন্তু তদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰে এইক্ষেত্ৰত নীৰৱতা গ্ৰহণ কৰি সন্ত্ৰাসবাদক বলিষ্ঠ হোৱাত পৰোক্ষভাৱে সহায় কৰিছিল ।

কংগ্ৰেছৰ হাত সন্ত্রাসবাদীৰ সৈতে: ৰাজ্যিক বিজেপি

ইউ পি এ চৰকাৰৰ এনে দুৰ্বল নীতিয়ে দেশবাসীক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছিল । মনমোহন সিং চৰকাৰখনৰ কামকাজে পি এফ আইৰ দৰে সংগঠনক নিজৰ ভেঁটি সমগ্ৰ দেশত বিস্তাৰ কৰিবলৈ সহায় কৰিছিল বুলি মুখপাত্ৰজনে মন্তব্য কৰে । কংগ্ৰেছৰ সাংসদগৰাকীৰ অভিযোগক ভিত্তিহীন আৰু কল্পনাপ্ৰসূত বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে কয় যে, কাশ্মীৰত লস্কৰ সন্ত্ৰাসবাদী বুৰহান বানী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হওঁতে শোক প্ৰকাশ কৰি বিবৃতি দিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

সেই কংগ্ৰেছৰে সাংসদে এতিয়া সন্ত্ৰাসবাদৰ কথা কয় বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই । দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বুৰহান বানীক শিক্ষকৰ ল’ৰা বুলি কৈ তেওঁক এনেদৰে হত্যা কৰিব নালাগিছিল বুলি মত প্ৰকাশ কৰিছিল কংগ্ৰেছৰ উপ-সভাপতিজনে । ঠিক একেদৰে আফজল গুৰুক ফাঁচী দিয়াৰ(Afzal Guru hang) পিছত জে এন ইউলৈ গৈ ৰাষ্ট্ৰ বিৰোধী শ্ল’গান দিবলৈ মুষ্টিমেয় ছাত্ৰ-ছাত্ৰীক উচতাই দিছিল ৰাহুল গান্ধীয়ে ।

ৰাহুলৰ উচটনিৰ পিছতেই জে এন ইউৰ চৌহদত ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰবিৰোধী শ্ল'গান দিয়াৰ দৃশ্য সকলো দেশবাসীয়ে টেলিভিছনৰ পৰ্দাত দেখা পাইছিল । যি দলৰ মূৰব্বীয়ে এনেদৰে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাম-কাজক উচতনি দি ফুৰে তেনে দলৰ সাংসদে সন্ত্ৰাসবাদৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰেই নাই বুলি মুখপাত্ৰজনে মন্তব্য কৰে । সংবাদমেলত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসে কয় যে, কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দল একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি মাথো ।

এই দল দুটাই বতৰ আৰু পৰিৱেশ চাই ইজনে সিজনক গালি-গালাজ কৰে আৰু নিৰ্বাচনী বতৰত বৈতৰণী পাৰ হোৱাৰ বাবে একেলগে জঁপিয়াই পৰে । এয়াই এওঁলোকৰ নীতি । তেওঁ কয় যে, দল দুটাৰ শীর্ষ নেতৃত্ব সঘনাই আজমলৰ বাসভৱনত মিলিত হৈ ৰাজনৈতিক কূটকৌশল তৈয়াৰ কৰে । গুৱাহাটী মহানগৰীৰ ঘোৰামৰাত থকা আজমলৰ বিলাসী ফ্লেট আৰু বিধায়ক আৱাসত থকা চিৰাজুদ্দিন আজমলৰ চৰকাৰী আৱাসত কংগ্ৰেছী নেতাক সঘনাই প্ৰত্যক্ষ কৰা হয় বুলি বিজেপিৰ উপ সভাপতিজনে কটাক্ষ কৰে ।

উল্লেখ্য যে, ৯ জুলাইৰ দিনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Bora) ৰাজীৱ ভৱন চৌহদত আজমলৰ নাম নল’বলৈ আহ্বান জনাইছিল । বৰাৰ এনে আহ্বানক কৌতুক বুলি অভিহিত কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতিয়ে দল দুটাৰ নেতাক নিশাৰ ভাগত ঘোৰামাৰাত মিলিত নোহোৱাৰ প্ৰতিশ্ৰুতি দিবলৈহে প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক: কৰ্তব্যত গাফিলতি: চাকৰিৰ পৰা নিলম্বন চিকিৎসকসহ 9 গৰাকী স্বাস্থ্য কৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.