ETV Bharat / state

কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাত লাভৱান হ'ব শাসকীয় দলঃ বিজেপি

author img

By

Published : Sep 9, 2020, 5:31 PM IST

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ বিশেষ ৰণকৌশল ৷ আনকি,কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈয়ো গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিজেপিৰ দাবী অনুসৰি,আগন্তুক নিৰ্বাচনত বিজেপি অতিৰিক্তভাৱে লাভ কৰিব উজনি অসমৰ 6 টা সমষ্টি ৷

BJP Reaction On Upcoming Assam Election
কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাত লাভৱান হ'ব শাসকীয় দলঃ বিজেপি

গুৱাহাটী, 9 ছেপ্টেম্বৰ : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত আটাইতকৈ বেছিকৈ লাভৱান হ'ব বিজেপি । এই মিত্ৰতাৰ ফলত উজনি অসমত কংগ্ৰেছৰ দখলত থকা আটাইকেইটা সমষ্টিয়েই অতিৰিক্তভাৱে লাভ কৰিব বিজেপিয়ে । এই দাবী অসম প্ৰদেশ বিজেপিৰ ।

যিসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বাৰম্বাৰ দাবী কৰি আহিছে যে,এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাই বিজেপিক‌ ধুলিসাৎ কৰি দিব, সেই সময়তে বিজেপিয়ে উজনি অসমত কংগ্ৰেছৰ দখলত থকা 6 টা সমষ্টি আজুৰি আনিবলৈ ককালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, উজনি অসমৰ তিতাবৰ,গোলাঘাট,মৰিয়নি,সৰুপথাৰ,ডুমডুমা আৰু নাজিৰা সমষ্টি আছে কংগ্ৰেছৰ দখলত । কিন্তু উজনিত এ আই ইউ ডি এফৰে কংগ্ৰেছে মিত্ৰতা কৰা বিষয়টো কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক সমৰ্থক বা ভোটাৰে সহজভাৱে গ্ৰহণ কৰা নাই । যাৰ পূৰ্ণ সুযোগ ল'ব বিচাৰিছে বিজেপিয়ে । প্ৰদেশ বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাসেও বুধবাৰে ইটিভি ভাৰতৰ আগত অনুৰূপ মন্তব্য কৰি কয় যে,এই‌ মিত্ৰতাই উজনিত কংগ্ৰেছৰ হাতত থকা সমষ্টি কেইটা বিজেপিৰ‌ দখললৈ অহাটো নিশ্চিত কৰিলে । আনকি,এই মিত্ৰতাৰ বাবেই তৰুণ গগৈ,অজন্তা নেওগ,দেৱব্ৰত শইকীয়া আদিৰ দৰে নেতাসকলেও আগন্তক নিৰ্বাচনত সমষ্টি হেৰুৱাব লাগিব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.