গুৱাহাটী,5 জানুৱাৰীঃ দেশজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ । বিপৰীতে বিজেপি দলে আইনখনৰ সমৰ্থনত আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক আওকাণ কৰি আইনখন বলৱৎ কৰাৰ দিশে আগবাঢ়িছে গেৰুৱা দলটো ৷ ১০ দিনীয়া কাৰ্যসূচীৰে শাসকীয় দলটোৱে দেওবাৰৰ পৰা আৰম্ভ কৰিছে এই জনসম্পৰ্ক অভিযান । অভিযানৰ প্ৰাৰম্ভিক অংশৰূপে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে বিজেপি নেতৃবৰ্গই ।
অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী,ডঃ অশ্বিনী দাস আৰু সমাজকৰ্মী হৰিচন্দ্ৰ দাসক সাক্ষাৎ কৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ সিঙে । লগতে বিতৰ্কিত আইনখনৰ সমৰ্থনত বিভিন্ন যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে । তদুপৰি নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনকাৰী সকলৰ উদ্দেশ্যে বিজেপি দলে মুকলি কৰিছে এটা ট'ল ফ্ৰি নম্বৰ । উক্ত নম্বৰটোত মিচ্কল দি আইনখন সমৰ্থন কৰিব পাৰিব ৰাইজে বুলি দলটোৰ বিষয়ববীয়াই ইতিমধ্যে উল্লেখ কৰে ৷
লগতে চাওকঃশোকৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ