গুৱাহাটী, ২৪ জানুৱাৰী : সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ গেৰুৱা দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কাউন্ট ডাউন । বিজেপি+, ১০০+ ধ্বনি দি নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা বিজেপিয়ে প্ৰায় ৮০ শতাংশ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিও নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ বৰ্তমানেও আশ্বস্ত হ'ব পৰা নাই । ই টিভি ভাৰতৰ এক অনুসন্ধানত আহি পৰিছে এই খবৰ । শেহতীয়াকৈ গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অসমলৈ অহাৰ সময়তে প্ৰায় ৮০ শতাংশ সমষ্টিৰ বাবে দুজনৰ পৰা চাৰিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছিল । ইয়াৰ সমান্তৰালভাৱে বহুকেইটা সমষ্টিত এজনীয়া পেনেল প্ৰস্তুত কৰাৰ বিপৰীতে আন কেইবাটাও সমষ্টিৰ বাবে কোনোধৰণৰ পেনেল প্ৰস্তুত কৰা হোৱা নাছিল ।
শেহতীয়াকৈ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত যিকেইটা সমষ্টিত সংখ্যালঘু ভোটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গেৰুৱা দলটোৱে এনে বহুকেইটা সমষ্টিৰ পেনেলক লৈ বিমোৰত পৰিবলগীয়া হৈছে । তাৰে কেইটামান সমষ্টি হৈছে লামডিং, ৰহা, হাজো, মঙলদৈ, বৰক্ষেত্ৰী, বটদ্ৰৱা, নগাঁও, বিলাসীপাৰা পূৱ, বৰছলা, সৰভোগ, গোলকগঞ্জ, হোজাই আৰু বৰাক উপত্যকাৰ কেইবাটাও সমষ্টি । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ পিছত এই সমষ্টিসমূহৰ পেনেল সলনি কৰি এনে প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰা হৈছে যিয়ে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিব পাৰিব ।
বিজেপিৰ শীৰ্ষ দলীয় সূত্ৰই প্ৰকাশ কৰা মতে, তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, দিছপুৰ, ডিগবৈ, মাৰ্ঘেৰিটা, জোনাই, তিতাবৰ, বিহপুৰীয়া, নলবাৰী, গোলাঘাট আৰু পলাশবাৰী সমষ্টিৰ পেনেল এতিয়াও প্ৰস্তুত কৰা হোৱা নাই । কিয়নো এই কেইটা সমষ্টিতে অব্যাহত আছে বহুকেইজন শীৰ্ষ নেতাৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ।
উদাহৰণস্বৰূপে তিনিচুকীয়াৰ বৰ্তমানৰ বিধায়ক, মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে এইবাৰ শক্তিশালী দাবীদাৰ দলৰ উপ-সভাপতি পুলক গোঁহাই । একেদৰে, মাৰ্ঘেৰিটাত বৰ্তমানৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ সমানে দাবীদাৰ হৈ উঠিছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু লক্ষ্য কোঁৱৰ । নলবাৰীত বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ লগতে শক্তিশালী দাবীদাৰ হৈ ঠিয় দিছে জয়ন্তমল্ল বৰুৱা । সমান্তৰালভাৱে দিছপুৰতো একেই অৱস্থা । বৰ্তমানৰ বিধায়ক অতুল বৰাৰ লগতে শক্তিশালী দাবীদাৰ হৈছে জয়ন্ত দাস আৰু মৃগাংক বৰ্মন । আনহাতে সূত্ৰটোৱে দাবী কৰা মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী আৰু ডিব্ৰুগড় দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
লগতে পঢ়ক:বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি অমিত শ্বাহ