ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষে বিজেপিৰ মহিলা মৰ্চাৰ বিশেষ কাৰ্যসূচী - মহিলা মৰ্চা

ৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষে ১৭ ছেপ্টেম্বৰত ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ কাৰ্যকৰ্তা সকলে নিজ নিজ বুথত থকা সত্ৰ, নামঘৰ, মন্দিৰ তথা অন্যান্য উপাসনাস্থলীত পূজা-নৈবদ্য আগবঢ়াব ৷

narendra modi birthday
নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষে বিজেপিৰ মহিলা মৰ্চাৰ বিশেষ কাৰ্যসূচী
author img

By

Published : Sep 16, 2021, 9:52 PM IST

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষে ১৭ ছেপ্টেম্বৰত ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ কাৰ্যকৰ্তা সকলে নিজ নিজ বুথত থকা সত্ৰ, নামঘৰ, মন্দিৰ তথা অন্যান্য উপাসনাস্থলীত পূজা-নৈবদ্য আগবঢ়াব ৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি প্ৰতিজন কাৰ্যকৰ্তাৰ ঘৰৰ পদুলিমুখত বন্তি প্ৰজ্বলন কৰিব ৷

এক সংবাদমেলত এই কথা ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী আংগুৰলতা ডেকা, সাধাৰণ সম্পাদিকাদ্বয় পূৰবী ৰয় আৰু হিমাশ্ৰী দেৱীয়ে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰথমে মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অহা ৭ অক্টোবৰত ২০ বছৰ সম্পূৰ্ণ কৰিব । এই উপলক্ষে মহিলা মৰ্চা অসম প্ৰদেশেও ২৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ সেৱা আৰু সমৰ্পনেৰে ২০ দিনীয়া কাৰ্যসূচীৰ এক অভিযান আৰম্ভ কৰিব ৷

লগতে পঢ়ক: নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

এই সেৱা আৰু সমৰ্পণ অভিযানৰ অংশৰূপে ১৮ ছেপ্টম্বৰৰ পৰা ৫ অক্টোবৰলৈ ছেপ্টেম্বৰ মহিলা সকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিৱিৰ, সজাগতা সভা আয়োজন কৰা হ'ব ৷ লগতে Iron teblet , multi vitamin, চেনেটাৰী নেপকিন বিতৰণ কৰা, অশ্ৰয় গৃহ, বৃদ্ধাশ্ৰম, চিকিৎসালয় আদিৰ ফলমুল বিতৰণ, ৰক্তদান শিবিৰ, বিনামূলীয়া ৰেচনৰ টোপলা বিতৰণ, স্বচ্ছতা অভিযান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সভানেত্ৰী গৰাকীয়ে সংবাদ মেলত কয় ।

লগতে পঢ়ক: বিশ্বকৰ্মা পূজাৰ উপলক্ষে মৰাণৰ বজাৰত ৰাইজৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.