ETV Bharat / state

ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান সভা

বিজেপি নেতা স্বপন কুমাৰ মণ্ডল, বালিৰাম বড়ো, সাংবাদিক খগেন কলিতা, পূৰ্বতে কংগ্ৰেছ দল ত্যাগ কৰা সুজিত কুমাৰ দাসৰ লগতে অগপ দলৰ বহু কেইজন কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত ৷

author img

By

Published : Oct 19, 2020, 6:08 PM IST

bjp leader swapan kumar mandal joining in congress party
ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান সভা

গুৱাহাটী, 19 অক্টোবৰ : বিজেপি দলৰ অনুসূচিত জাতি পৰিষদৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল, বালিৰাম বড়ো, সাংবাদিক খগেন কলিতা, পূৰ্বতে কংগ্ৰেছ দল ত্যাগ কৰা সুজিত কুমাৰ দাসৰ লগতে অগপ দলৰ বহু কেইজন কৰ্মীৰ লগতে প্ৰায় পাঁচ শতাধিক লোকে আজি যোগদান কৰে কংগ্ৰেছ দলত ৷ গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী অকন বৰা, ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, পংকজ বৰা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ লগতে বহুকেইজন নেতা কৰ্মী ৷

কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিক সমালোচনা কৰি স্বপণ কুমাৰ মণ্ডলৰ কয় যে, বিজেপিয়ে ভাল দিনৰ কথা কৈছিল ৷ কিন্তু ভাল দিন কাৰ বাবে আহিল ? ক’লা ধন বিদেশৰ পৰা ঘূৰাই অনা কথা কৈছিল, নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিল ? আজি সংস্থাপন কেইজনে পালে ৷ ভাল দিন কেৱল বিজেপিৰ নেতাসকলৰ বাবেহে আহিল ৷ পৃথিৱীৰ ভিতৰত প্ৰথমজন মিছা কথা কোৱা প্ৰধানমন্ত্ৰী একমাত্ৰ নৰেন্দ্ৰ মোদী ৷ অসমত বসবাস কৰা হিন্দু বাঙালী সকলক চৰকাৰে প্ৰতাৰণা কৰিলে ৷ সেয়া ইতিহাসত কলা আখৰেৰে লিপিবদ্ধ থাকিব ৷ মণ্ডলে লগতে কয় যে, ডিটেনচন কেম্পত বাঙালীসকলক বাংলাদেশী সজাই বন্দী কৰি ৰখা হৈছে ৷ বিজেপিক বিশ্বাসত ভোট দিছিল ৷ কিন্তু তেওঁলোকে প্ৰতাৰণা কৰিলে ৷ NRC খনেই হ’ল প্ৰতাৰণাৰ একমাত্ৰ আৰু প্ৰধান দলিল ৷ অসমত অতীতৰ পৰা বসবাস কৰা সকলোৱেই অসমৰ নাগৰিক ৷ বিজেপিয়ে কা প্ৰৱৰ্তন কৰি ধৰ্ম আৰু জাতিৰ নামত ভাগ ভাগ কৰিলে ৷ বিজেপিয়ে গো মাতাৰ কথা কয় ৷ কিন্তু বিজেপিৰ দিনতেই গৰুৰ সৰ্ববৃহৎ চিণ্ডিকেট চলি আছে বুলি অভিযোগ কৰে স্বপন কুমাৰ মণ্ডলে ৷

ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান সভা

লগতে পঢ়ক: 2021 ত দিছপুৰ দখল কৰিব অসম জাতীয় পৰিষদে : অদীপ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.