ETV Bharat / state

12.82 কোটিৰ খেলিমেলিঃ জিতু গোস্বামীলৈ জাননী

বিগত বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে পূৰ্বৰে পৰাই চলি আছিল বিত্তীয় প্ৰতাৰণাৰ কেইবাটাও গোচৰ । চি বি আয়েও তেওঁৰ বিৰুদ্ধে এটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । তেনে সময়তে ই টিভি ভাৰতৰ হাতত আহি পৰিছে এইগৰাকী বিজেপি নেতাৰ আন এক বিত্তীয় খেলিমেলিৰ তথ্য ।

author img

By

Published : Jun 20, 2019, 12:12 PM IST

12.82 কোটিৰ খেলিমেলিঃ জিতু গোস্বামীলৈ জাননী

গুৱাহাটী, 20 জুনঃ পুনৰ আন এক বিত্তীয় কেলেংকাৰীত সাঙোৰ খাইছে বিজেপি নেতা জিতু গোস্বামীৰ নাম । বিগত বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে পূৰ্বৰে পৰাই চলি আছিল বিত্তীয় প্ৰতাৰণাৰ কেইবাটাও গোচৰ । চি বি আয়েও তেওঁৰ বিৰুদ্ধে এটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । তেনে সময়তে ই টিভি ভাৰতৰ হাতত আহি পৰিছে এইগৰাকী বিজেপি নেতাৰ আন এক বিত্তীয় খেলিমেলিৰ তথ্য ।

ETV BHARAT ASSAM
বিজেপি নেতা জিতু গোস্বামীৰ বিৰুদ্ধে বেংকৰ জাননী

মেচাৰ্ছ ডাবল ডি কনষ্ট্ৰাকছনচ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ নামত পঞ্জাৱ নেছনেল বেংকৰ পৰা লোৱা হৈছিল 16 কোটি টকাৰ ঋণ । এই ঋণৰ গ্যাৰান্টৰ হিচাপে আছিল জিতু গোস্বামী আৰু গীতিকা গোস্বামী । উল্লেখ্য যে, উক্ত কোম্পানীটোৰ সঞ্চালকৰ দায়িত্বত আছে জিতু গোস্বামী আৰু গীতিকা গোস্বামী । কিন্তু কোম্পানীটোৱে এতিয়াও বেংকক পৰিশোধ কৰিবলৈ বাকী আছে 12 কোটি 82 লাখ টকা । কেৱল ইমানেই নহয়, পৰিশোধ কৰিবলৈ বাকী আছে এই ধনৰাশিৰ সূতো । 2010 চনৰ 1 জুলাইৰ পৰা পৰিশোধ কৰিবলৈ বাকী আছে এই বৃহৎ পৰিমাণৰ ধনখিনি ।

ETV BHARAT ASSAM
বেংকৰ জাননী

ফলত উপায়ন্তৰ হৈ বেংক কৰ্তৃপক্ষই দুয়োৰে বিৰুদ্ধে প্ৰকাশ কৰিছে জাননী । বেংকে ইতিমধ্যে দুয়োকে " ইচ্ছাকৃত খেলাপকাৰী " বুলিও ঘোষণা কৰিছে । মন কৰিবলগীয়া যে জিতু গোস্বামী শাসকীয় দলৰ নেতা হোৱাৰ সুবাদতে বৰ্তমান অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ পদতো অধিষ্ঠিত হৈ আছে ।

Intro:গুৱাহাটী, 20 জুনঃ পুণৰ আন এক বিত্তীয় কেলেংকাৰীত সাঙোৰ খাইছে বিজেপি নেতা জিতু গোস্বামীৰ নাম। বিগত বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে পূৰ্বৰে পৰাই চলি আছিল বিত্তীয় প্ৰতাৰণাৰ কেইবাটাও গোচৰ। চি বি আয়েও তেওঁৰ বিৰুদ্ধে এটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । তেনে সময়তে ই টিভি ভাৰতৰ হাতত আহি পৰিছে এইগৰাকী বিজেপি নেতাৰ আন এক বিত্তীয় খেলিমেলিৰ তথ্য ।

Body:মেচাৰ্ছ ডাবল ডি কনষ্ট্ৰাকছনচ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ নামত পঞ্জাব নেছনেল বেংকৰ পৰা লোৱা হৈছিল 16 কোটি টকাৰ ঋণ। এই ঋণৰ গ্যাৰান্টৰ হিচাপে আছিল জিতু গোস্বামী আৰু গীতিকা গোস্বামী । উল্লেখ্য যে উক্ত কোম্পানীটোৰ সঞ্চালকৰ দায়িত্বত আছে জিতু গোস্বামী আৰু গীতিকা গোস্বামী । কিন্তু কোম্পানীটোৱে এতিয়াও বেংকক পৰিশোধ কৰিবলৈ বাকী আছে 12 কোটি 82 লাখ টকা। কেৱল ইমানেই নহয়, পৰিশোধ কৰিবলৈ বাকী আছে এই ধনৰাশিৰ সুতো । 2010 চনৰ 1 জুলাইৰ পৰা পৰিশোধ কৰিবলৈ বাকী আছে এই বৃহৎ পৰিমাণৰ ধন।

Conclusion:ফলত উপায়ন্তৰ হৈ বেংক কৰ্তৃপক্ষই দুয়োৰে বিৰুদ্ধে প্ৰকাশ কৰিছে জাননী। বেংকে ইতিমধ্যে দুয়োকে " ইচ্ছাকৃত খেলাপকাৰী " বুলিও ঘোষণা কৰিছে । মন কৰিবলগীয়া যে জিতু গোস্বামী শাসকীয় দলৰ নেতা হোৱাৰ সুবাদতে বৰ্তমান অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰনয়ন নিগমৰ উপাধ্যক্ষ পদতো অধিষ্ঠিত হৈ আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.