ETV Bharat / state

চান্দমাৰীত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Mar 10, 2021, 10:53 PM IST

বুধবাৰে মহানগৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ বাকৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে ৰাজ্যিক বিজেপিয়ে ৷ এই নিৰ্বাচনী প্ৰচাৰত দলটোৰ পাঁচ বছৰৰ কামৰ খতিয়ান দাঙি ধৰে দলীয় নেতৃত্বই ৷

bjp-election-campaign
ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

গুৱাহাটী,10 মাৰ্চ: গুৱাহাটী মহানগৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ বাকৰিৰ পৰা বুধবাৰে সমাগত নিৰ্বাচনৰ ৰণশিঙা বজালে ৰাজ্যিক বিজেপিয়ে ৷ নিৰ্বাচনী ৰণডংকা বজাই বিজেপিৰ পাঁচ বছৰৰ কামৰ খতিয়ান দাঙি ধৰে দলীয় নেতা-কৰ্মীসকলে ৷

নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকি জ্যেষ্ঠ বিজেপি নেতা মনোজ তিৱাৰীয়ে কয় যে, ‘‘অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছো ৷ এই প্ৰচাৰ সাংস্কৃতিক পথেৰে আৰম্ভ হৈছে ৷ পাঁচ বছৰত যি ধৰণে অসমত উন্নয়ন হৈছে, তাৰ বাবে এইবাৰো বিজেপিক ভোট দিয়ক’’ ৷

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

আনহাতে, উক্ত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্ত কৰে যে, ‘‘পৰিৱৰ্তনৰ কথাৰে আমি 2016 চনত আমি চৰকাৰ গঠন কৰিছিলো ৷ আজি সেই পৰিৱৰ্তন সকলো ৰাইজে দেখিছে ৷ অসমৰ ৰাইজে আগন্তুক দিনত আত্মনিৰ্ভৰ অসম গঠনৰ বাবে চেষ্টা কৰিব ৷ চৰকাৰখনে গ্ৰহণ কৰি অহা কামবোৰ প্ৰচাৰৰ জৰিয়তে তেওঁলোকৰ মাজলৈ লৈ যাম ৷ নিষ্ঠাৰে চৰকাৰখনে অসমৰ ৰাইজৰ বাবে কাম কৰি যাব’’ ৷

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ইয়াৰ লগতে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, ‘‘পূৰ্বতে হোৱা গঁড় হত্যা এই চৰকাৰে বন্ধ কৰিবলৈ সক্ষম হৈছে ৷ বিভিন্ন প’ষ্টাৰ, গীত মুকলি কৰা হ’ল’’ ৷ সঁচা কথাৰ প্ৰচাৰেৰে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সাজু থকা বুলি মন্তব্য কৰে সভাপতি দাসে ৷

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু বিজেপিৰ শীৰ্ষ নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.