ETV Bharat / state

কংগ্ৰেছৰ পৰা পদত্যাগ বিশ্বজিৎ ৰায়ৰ

বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দেওবাৰে দলৰ শ্ব'কজৰ সন্মুখীন হৈছিল বিশ্বজিৎ ৰায় ৷

author img

By

Published : Nov 16, 2020, 9:55 PM IST

biswajit ray resign from pradesh congress secretary post
কংগ্ৰেছৰ পৰা পদত্যাগ বিশ্বজিৎ ৰায়ৰ

গুৱাহাটী, 16 নৱেম্বৰ: কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া । নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত দল ত্যাগ কৰিছে এজনৰ পাছত আনজন নেতাই ৷ এইবাৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন কোঁচ-ৰাজবংশী জনগোষ্ঠীয় নেতা বিশ্বজিৎ ৰায়ে ৷ সোমবাৰে ৰিপুণ বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে নেতাগৰাকীয়ে ৷ দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলযোগে এই কথা সদৰী কৰে নেতাগৰাকীয়ে ৷ বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দেওবাৰে দলৰ শ্ব'কজৰ সন্মুখীন হৈছিল বিশ্বজিৎ ৰায় ৷

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাতেই বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা কার্যই কংগ্ৰেছৰ আভ্যন্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত তেওঁক কিয় অভিযুক্ত কৰা নহ’ব, সেই সন্দর্ভত তিনিদিনৰ ভিতৰত উত্তৰ দিবলৈ দেওবাৰে প্ৰদেশ কংগ্ৰেছে জাননী জাৰি কৰিছিল ৷

কংগ্ৰেছৰ পৰা পদত্যাগ বিশ্বজিৎ ৰায়ৰ

উল্লেখ্য যে, ১৩ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ ছালাকাটিত অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী সভাত ডঃ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সৈতে বিশ্বজিৎ ৰায় উপস্থিত আছিল ৷ এই সন্দৰ্ভত বিশ্বজিৎ ৰায়ে মন্তব্য কৰে যে, কোঁচ ৰাজবংশী জনজাতিকৰণৰ সন্দৰ্ভতহে তেওঁ সভাখনত উপস্থিত হৈছিল, কিন্তু সেইখন নিৰ্বাচনী সভা বুলি তেওঁ জ্ঞাত নাছিল ৷

লগতে পঢ়ক: বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.