ETV Bharat / state

বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষৰ আসনত বহিব বিশ্বজিৎ দৈমাৰী

author img

By

Published : May 21, 2021, 7:16 AM IST

অসম বিধানসভাৰ অধ্যক্ষৰ আসনত বহিব বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰী ৷ আনহাতে, বিধানসভাৰ উপাধ্যক্ষৰ আসনত বহিব বিধায়ক ডাঃ নোমল মমিনে ৷ শনিবাৰে অসম বিধানসভাৰ মজিয়াত আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব বিধায়কদ্বয়ক ৷

biswajit-daimary-will-be-the-assembly-speaker
বিধানসভাৰ অধ্যক্ষ হ’ব বিশ্বজিৎ দৈমাৰী

গুৱাহাটী,21 মে’ : পানেৰী সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীক দায়িত্বভাৰ দিয়া হ’ব অসম বিধানসভাৰ অধ্যক্ষৰ ৷ ইতিমধ্যে প্ৰ’টেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰীক ৷

আনহাতে, বিধানসভাৰ উপাধ্যক্ষৰ আসনত বহিব বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে ৷ দুয়োগৰাকী বিধায়ককে অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰিছে বিজেপিৰ ৰাজ্যিক সমিতিয়ে ৷

শুকুৰবাৰে নিজ নিজ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়কদ্বয়ে ৷ শনিবাৰে অসম বিধানসভাৰ মজিয়াত আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব দুয়োগৰাকী বিধায়কক ৷

লগতে পঢ়ক : বিশ্বনাথত এদিনতে ক’ভিড আক্ৰান্ত 20 গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.