ETV Bharat / state

বিজেপি গমন : প্ৰধানমন্ত্ৰীৰ সভাত যোগদান নহ'ব বিস্মিতাৰ - বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিব

প্ৰাক্তন কংগ্ৰেছ বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিব (Former Congress MLA Bismita Gogoi to join BJP) । প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড়ৰ সভাতে বিস্মিতা গগৈয়ে গেৰুৱা দলত যোগ দিয়াৰ চৰ্চা চলিছে । পিছে প্ৰধানমন্ত্ৰী এই ভ্ৰমণৰ কাৰ্যসূচীত বিজেপিত যোগদান কৰিব নোৱাৰিব বিস্মিতা গগৈয়ে । কিন্তু কিয় ? বিস্মিতাই বিজেপিত যোগদান কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সন্মুখীন হ’ব নেকি ৰাজনৈতিক প্ৰত্যাহ্বানৰ ?

BJP
প্ৰধানমন্ত্ৰীৰ সভাত যোগদান নহ'ব বিস্মিতাৰ
author img

By

Published : Apr 27, 2022, 2:19 PM IST

গুৱাহাটী, ২৭ এপ্ৰিল : বহুতে ভাবি থকাৰ দৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ সভাতেই (PM Modi rally at Dibrugarh) গেৰুৱা বসন পিন্ধিব নোৱাৰিব বিস্মিতা গগৈয়ে । ইতিমধ্যে কংগ্ৰেছৰ সংগ ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী, খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগ দিয়াতো নিশ্চিত হৈছে ।

কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে বাহিৰে-ভিতৰে যোৱা কিছুদিন ধৰি চলিছে বিস্মিতা গগৈক লৈ সৰৱ চৰ্চা । চৰ্চা এইবুলিও চলিছে যে, বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিতে এইগৰাকী প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেত্ৰীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ।

কিন্তু বিজেপিৰ শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তেওঁ বিজেপিত যোগ দিয়াটো সম্ভৱ নহ'ব । যিহেতু প্ৰধানমন্ত্ৰীৰ এই ডিব্ৰুগড় ভ্ৰমণ (PM Modi Assam visit) হৈছে সম্পূৰ্ণ এক চৰকাৰী কাৰ্যসূচী । গতিকে যোগদানৰ কামফেৰা চৰকাৰী কাৰ্যসূচীত নহ'ব ।

আনহাতে, বিস্মিতা গগৈৰ সম্ভাব্য বিজেপি গমনক লৈ বিজেপিৰ ভিতৰচ'ৰাতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু মুখ খুলি কোনেও একো ক'ব নোখোজে । দলৰ ভিতৰত এই বুলিও চৰ্চা চলিছে যে থাওৰাত কুশল দুৱৰীক একাষৰীয়া কৰি যিদৰে কংগ্ৰেছৰ পৰা লৈ গৈ সুশান্ত বৰগোঁহাইক বিধায়ক পদত সংস্থাপিত কৰা হ'ল, ঠিক তেনেকুৱাই পৰিস্থিতি হ'ব পাৰে খুমটাইত । খুমটাইৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হিচাপে জয়ী হৈ অহা মৃণাল শইকীয়াৰ সম্পৰ্ক সম্প্ৰতি মুখ্যমন্ত্ৰীৰ সৈতে খুব ভাল নহয় ।

দুয়োৰে মাজত দূৰত্ব এতিয়া ভালেখিনি বৃদ্ধি পাইছে । বিশেষকৈ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠকসমূহ অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত বা অন্যান্য সংবাদ মাধ্যমত মুকলিকৈ মাত মাতিছিল বিজেপি বিধায়ক মৃণাল শইকীয়াই ।

আনহাতে, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এতিয়াও এক ঘনিষ্ঠ সম্পৰ্ক আছে মৃণাল শইকীয়াৰ, যি ধৰণৰ ঘনিষ্ঠ সম্পৰ্ক নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে । এনেবিলাক কাৰণতে আজিৰ তাৰিখত ড৹ শৰ্মা আৰু মৃণাল শইকীয়াৰ মাজৰ দূৰত্ব যথেষ্ঠ বৃদ্ধি পাইছে ।

দূৰত্ব বৃদ্ধি পোৱাৰ আন এক উদাহৰণ হ'ল- বিগত ২০১৯ ৰ পৰাই খুমটাই সমষ্টিত এইগৰাকী বিধায়কে কৰি থকা বহুকেইটা উন্নয়নমূলক কামৰ পুঁজি এই পৰ্যন্ত দিছপুৰে মুকলি কৰি দিয়া নাই । এয়া দুয়োৰে দূৰত্ব বৃদ্ধিৰ এক প্ৰতিফলন বুলিও বহুতে ধাৰণা কৰিছে । গতিকে সাতে-পাঁচে মিলি খুমটাইত মৃণাল শইকীয়াৰ বিকল্প হিচাপে বিস্মিতা গগৈক বিজেপিয়ে প্ৰক্ষেপ কৰিব খুজিছে বুলি দলটোৰ ভিতৰচ'ৰাত আলোচনা আৰম্ভ হৈছে । অৱশ্যে আন এক দলীয় সূত্ৰই জানিবলৈ দিয়া মতে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে বিস্মিতা গগৈক কলিয়াবৰৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক : PM Modi's Assam visit : ডিব্ৰুগড় চহৰে পাইছে প্ৰাণ ; গুৱা-পাণেৰে নিমন্ত্ৰণ ৰাইজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.