ETV Bharat / state

535th birth anniversary of Sri Sri Madhavadeva : মৰিগাঁৱত শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ পালন

author img

By

Published : Jun 11, 2023, 10:21 AM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা সমিতি আৰু কপিলী আঞ্চলিক সমিতি সহযোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ মৰিগাঁও নৱহতীয়াৰ শ্ৰী মাধৱদেৱ ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰ অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ (535th birth anniversary of Sri Sri Madhavadeva)। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ হৰি নামে দ্বিতীয় বৈকুণ্ঠত পুৰীত পৰিণত কৰে নৱহতীয়াৰ শ্ৰীশ্ৰী মাধৱদেৱ ক্ষেত্ৰ (Sri Sri Madhabdev 535th Abirbhab Mahotsav)।

Etv Bharat
Etv Bharat
দেৱবাদ্যৰে মুখৰিত হৈ পৰিল মৰিগাঁও

মৰিগাঁও, ১১ জুন : হৰিনাম, দেৱবাদ্যৰে মুখৰিত হৈ পৰিল মৰিগাঁও নৱহতীয়াৰ মাধৱদেৱ ক্ষেত্ৰ । জাউৰীয়ে-জাউৰীয়ে ঘোষা-পদ, ঘোষা কীৰ্তন পাঠ, দিহানাম, গুৰুদুজনাৰ ৰচিত বৰগীত, ভাওনা আদিৰে উদযাপন কৰা হয় শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ (535th birth anniversari of sri sri madhavdev)।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত কপিলী আঞ্চলিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজ তথা ভকত ভকতনীৰ সহযোগিতাত ১০ আৰু ১১ জুনত দুদিনীয়াকৈ উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ আৰ্বিভাৱ মহোৎসৱ । শনিবাৰৰ পৰা আয়োজিত শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয়টো দিন (Birth anniversary of Sri Sri Madhavadeva celebrated in Morigaon) ৷

লগতে পঢ়ক : Madhabdev 535 birth anniversary: বিহপুৰীয়াত মাধবদেৱৰ জন্মজয়ন্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিস্তৃত কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনাৰ পুৱা ভাগৱত শোভাযাত্ৰাৰ পাচতেই অনুষ্ঠিত কৰা হ’ব মুকলি সভা (Sri Sri Madhabdev 535th Abirbhab Mahotsav) । এই মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা পৰ্যায়ৰ বিষয়-ববীয়াৰ সমান্তৰালকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই উপস্থিত থাকি অসমীয়া সমাজত শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজি তথা দাস্যভকতিৰ সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ’ব ৷

ইফালে, শনিবাৰে শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, সংঘৰ সদস্যসকলৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিশু ভকত, কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ সহযোগ আৰু দিহানাম প্ৰদৰ্শন কৰে ৷ এই দিহানাম উপভোগ কৰি উৎফুল্লিত হৈ পৰে আদৰণি সমিতিৰ সকলো বিষয়-ববীয়া তথা ভকত-বৈষ্ণৱ ।

আনহাতে, কেৱল মৰিগাঁৱতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বিহপুৰীয়া সমষ্টিৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানত পালন কৰা হয় আৰ্বিভাৱ মহোৎসৱটি ৷ শ্ৰী শ্ৰী মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সৌজন্যত আৰু দুয়োখন থান পৰিচালনা সমিতিৰ সহযোগত ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসব আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত আৰু ৰঙাজান উজীৰৰ টোলত একত্ৰিতভাৱে উদযাপন কৰে (Birth anniversary of Sri Sri Madhavadeva celebrated at Bihpuria) ৷

লগতে পঢ়ক : Preparation of Ambubachi Mela: অম্বুবাচী মেলা প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.