গুৱাহাটী, 23 অক্টোবৰঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত মহানগৰীৰ শান্তিপুৰত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰফুটুকী । নাহৰফুটুকীটোৱে বিগত কেইবাদিন ধৰি অঞ্চলটোত সৃষ্টি কৰি আহিছিল সন্ত্ৰাসৰ ৷ প্ৰতিদিনে অঞ্চলটোৰ প্ৰায় সংখ্যক লোকৰ ঘৰৰ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ এই বিষয়ে বন বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰাৰ পাছতো বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰৰ্বতী সময়ত এই বাতৰি ইটিভি ভাৰতত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পাচত চকু মেল খালে বন বিভাগৰ ৷ মঙলবাৰে বন বিভাগৰ লোকে অঞ্চলটোত উপস্থিত হৈ নাহৰফুটুকীটো ধৰিবৰ বাবে পিঞ্জৰা স্থাপন কৰিছিল ৷ অৱশেষত বুধবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় অঞ্চলটোত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীটো ৷ ইয়াৰ পাচতে বন বিভাগৰ লোকে নাহৰফুটুকীটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে ৷
আনহাতে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাচতেই স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে । কিন্তু উল্লেখযোগ্য যে, বৰ্তমানেও অঞ্চলটোত আৰু তিনিটা নাহৰফুটুকী আছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷