ETV Bharat / state

২৩ কোটিৰ কৰ ফাঁকি : এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ - ২৩ কোটি টকা কৰ ফাঁকি

অসমত জিএছটি আইনৰ আওতাত গ্ৰেপ্তাৰ কৰাৰ এয়া প্ৰথম ঘটনা । ২০১৯- ২০২১ চনত প্ৰায় ২৩ কোটি টকাৰ কৰ ফাঁকি দিছিল ব্যৱসায়ীজনে । জিএছটি (GST) ৰ পাছত এইটো অসমত সৰ্ববৃহৎ কৰ ফাঁকিৰ ঘটনা ৷

২৩ কোটি টকা কৰ ফাঁকি : এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Jul 13, 2021, 8:02 AM IST

গুৱাহাটী, 13 জুলাই : অসমত জিএছটি (GST) আইনৰ আওতাত বিআইইঅ' (BIEO) য়ে সোমবাৰে কৰ ফাঁকিৰ অভিযোগত এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ জিএছটি (GST) ৰ পাছত এইটো অসমত সৰ্ববৃহৎ কৰ ফাঁকিৰ ঘটনা ৷ অৰ্থনৈতিক অনুসন্ধান সংস্থাৰ বিষয়া সত্যজিৎ ভূঞা আৰু মনোজ পাণ্ডেয়ে ফাঁচীবজাৰত ২৩ কোটি টকাৰ এক বৃহৎ কৰ ফাঁকিৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীজন সুভাষ কুমাৰ সিং ৷

ফাঁচীবজাৰৰ এছ কে চেইল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ জৰিয়তে সুভাষ কুমাৰ সিং নামৰ এজন ব্যৱসায়ীয়ে কোটি টকাৰ কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰিছিল অনুসন্ধানকাৰী সংস্থাটোৱে । তাৰেই ভিত্তিত অনুসন্ধানকাৰী সংস্থাটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানটোত অনুসন্ধান আৰু পৰিদৰ্শন কৰি বৃহৎ কৰ ফাঁকিৰ প্ৰমাণ লাভ কৰে । অনুসন্ধানকাৰী দলটোৱে প্ৰতিষ্ঠানটোৰ পৰা এটা ম’বাইল ফোন, লেপটপ আৰু বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সুভাষ কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰে ।

এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

জৰ্দা, পাণ মচলা, চুইং ট’বাকো, ধূপ আদিৰ লেনদেন কৰা মেচাৰ্ছ এছ কে চেলছ নামৰ প্ৰতিষ্ঠানটোৱে বিগত দুবছৰ ধৰি বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি আহিছিল । অনুসন্ধানকাৰী দলটোৱে সকলো নথি-পত্ৰ পৰীক্ষা কৰি প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ 22 কোটি টকাতকৈও অধিক কৰ ফাঁকি দিয়া কথা ধৰা পেলায় । অসম জিএছটি আইন 2017 ৰ অধীনত ৰাজ্যিক কৰ প্ৰধান আয়ুক্তৰ দ্বাৰা জাৰি কৰা গ্ৰেপ্তাৰৰ ৱাৰেণ্টৰ ভিত্তিত মেচাৰ্ছ এছ কে চেলছৰ স্বত্বাধিকাৰী সুভাষ কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰা হয় ।

অনুসন্ধানকাৰী সংস্থাটোৱে ইতিমধ্যে অভিযুক্ত সুভাষ কুমাৰ সিঙক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে । উল্লেখ্য যে অসমত জিএছটি আইনৰ আওতাত কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ এইটো প্ৰথম ঘটনা । ২০১৯- ২০২১ চনত প্ৰায় ২৩ কোটি টকা কৰ ফাঁকি দিছিল ব্যৱসায়ীজনে । জিএছটি (GST) আইনৰ ব্যৱস্থা অনুসৰি, 5 কোটি টকাৰ অধিক জিএছটি (GST)ৰ বাবে কৰ ফাঁকি দিয়াসকলক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক : কি আছে গো-সুৰক্ষা বিধেয়ক 2021 ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.