ETV Bharat / state

Bhupen Bora Pressmeet: AIUDF ৰ সৈতে মিত্ৰতা সম্ভৱ নহয়: ভূপেন বৰা

author img

By

Published : May 15, 2023, 3:58 PM IST

AIUDF ৰ সৈতে কোনোধৰণৰ মিত্ৰতা নহয় বুলি পুনৰবাৰ স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সংবাদমেল যোগে এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে ভূপেন বৰাই (Bhupen Bora slams Badruddin Ajmal) ।

Bhupen Bora react on alliance with AIUDF
AIUDF ৰ সৈতে মিত্ৰতা সম্ভৱ নহয়: ভূপেন বৰা

গুৱাহাটী,১৫ মে': অসমত আগন্তুক নিৰ্বাচনবোৰত এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনোধৰণৰ মিত্ৰতা নহয় বুলি পুনৰ এবাৰ স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফ দলক আৰু এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে (Bhupen Bora slams Badruddin Ajmal) ।

তেওঁ কয় যে, পূৰ্বৰ নিৰ্বাচনবোৰত এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰাতো ডাঙৰ ভুল আছিল । এইবাৰ কংগ্ৰেছ দলে এই ভুলৰ পুনৰাবৃত্তি নকৰে । ইতিমধ্যে এজন এ আই ইউ ডি এফৰ বিধায়কে কৈছে যে এ আই ইউ ডি এফ আৰু বি জে পিৰ মাজত মিত্ৰতা হৈ আছে । এই কথাই স্পষ্ট কৰে যে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ বিজেপিৰ আঠুৱা তলৰ মহ (Bhupen Bora Pressmeet) ।

ভূপেন বৰাই অসমত মুখ্যমন্ত্ৰীয়ে বহু বিবাহ বন্ধ কৰা‌ৰ‌ সম্পৰ্কত কয়‌ যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু বিবাহ কৰা পৰামৰ্শ দি থকা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিলে অসমত বহু বিবাহ বন্ধ হৈ যাব । ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে বেছি দূৰলৈ যাব নালাগে । ইপিনে বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি অব্যাহত ৰখা বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়া সম্পৰ্কে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দেশত বিৰোধী ঐক্য গঠনৰ নিৰ্ণায়ক ভূমিকা কংগ্ৰেছ দলে গ্ৰহণ কৰিব (Bhupen Bora slams Himanta Biswa Sarmah) ।

কাৰণ দেশৰ তিনিখন বৃহৎ ৰাজ্যত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছে । বেছিভাগ ৰাজ্যত বিৰোধীৰ ভূমিকাত মুখ্যতঃ কংগ্ৰেছ দল আছে । আনহাতে শেহতীয়া কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত ভূপেন বৰাই কয় যে বিজেপিৰ এতিয়া‌ অৱসৰ গ্ৰহণৰ সময়‌ আহি পৰিছে । কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে দেখুৱাই দিছে যে বিজেপিয়ে অৱসৰ গ্ৰহণৰ বাবে সাজু হৈছ (Bhupen Bora react on alliance with AIUDF) ।

ভূপেন বৰাই লগতে কয় যে, কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ বাবে অসমৰ কংগ্ৰেছৰ নেতা কৰ্মীসকল উৎফুল্লিত হৈছে । এতিয়া ৰাজ্যত কংগ্ৰেছৰ নেতাকৰ্মীসকলে পৰিকল্পিত কাম আৰু দায়িত্বসমূহ দুগুণ উৎসাহেৰে কৰিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Road accident at Sadiya : বিয়া খাবলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ তিনি সদস্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.