গুৱাহাটী,২৯ এপ্ৰিল : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বৃহস্পতিবাৰে এক সংবাদমেল সম্বােধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয় যে, বৃহস্পতিবাৰে পুৱতি নিশা অসম আৰক্ষীৰ এক অভিযানত নিহত হোৱা আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডাৰ দ্বীপেন সাউদ ওৰফে জিষ্ণু অসমৰ লগতে পদুম ৰায় নামৰ আন এজন কেডাৰকো আটক কৰা হয় । উল্লেখযোগ্য যে, অসমত কোনো অজ্ঞাত চক্ৰই সন্ত্ৰাসবাদ সৃষ্টিৰ বাবে পৰিকল্পনা কৰি আছে । তেনে লোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে । ইপিনে সন্ত্ৰাসবাদ সৃষ্টিৰ উদ্দেশ্যে বাংলাদেশলৈ অহা যোৱা কৰা সন্দেহযুক্ত সকলোৰে ভিছা নাকচ কৰা হৈছে বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷
একেদৰে আলফাৰ দ্বাৰা অপহৰণ কৰা অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে । এই ক্ষেত্ৰত অসম আৰক্ষীক নাগালেণ্ড আৰক্ষী আৰু কন্যাক ইউনিয়নে সহায় কৰাৰ কথাও ব্যক্ত কৰে ভাস্কৰ জ্যোতি মহন্তই । উত্তৰ প্ৰদেশতো এজন অসমীয়া লোকক অপহৰণ কৰিছে বুলি আন এক বিস্ফোৰক মন্তব্য দাঙি ধৰে এই সংবাদমেলতেই ভাস্কৰ জ্যোতি মহন্তই ।
অসমত সন্ত্ৰাসবাদ সৃষ্টি কৰা সন্দৰ্ভত ভাস্কৰ জ্যোতি মহন্তই কয় যে, ইছলামিক জেহাদৰ বাবে যিয়ে ষড়যন্ত্ৰ কৰিছে সকলোৰে ওপৰত কাঢ়া দৃষ্টি ৰখা হৈছে । এনে কামত জড়িত প্ৰত্যেকজন ব্যক্তি আৰক্ষীৰ নিৰীক্ষণত আছে । সেয়ে অসমৰ মুছলমান লোকক ভাস্কৰ জ্যোতি মহন্তই আহ্বান জনায় কয় যে, এনে কাম কৰিবলৈ প্ৰশ্ৰয় নিদিব ৷
লগতে পঢ়কঃ চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য