ETV Bharat / state

ভাস্কৰ্য্য শিল্প বেণু মিশ্ৰ সোঁৱৰণি ন্যাস গঠন - বেণু মিশ্ৰ

বেণু মিশ্ৰৰ নামত গঠন কৰা ন্যাসে শিল্পীগৰাকীৰ শিল্পকৰ্মসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভৱিষ্যতে বেণু মিশ্ৰৰ নামত শিল্পী বঁটা আৰু চাৰু কলা শিল্পীসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰিব ।

Benu mishra memorial trust
ভাস্কৰ্য্য শিল্প বেণু মিশ্ৰ সোঁৱৰণি ন্যাস গঠন
author img

By

Published : Nov 15, 2020, 4:00 PM IST

গুৱাহাটী, 15 নৱেম্বৰ: প্ৰখ্যাত চিত্ৰ তথা ভাস্কৰ্য শিল্পী প্ৰয়াত বেণু মিশ্ৰৰ সোঁৱৰণত গঠন কৰা হৈছে বেণু মিশ্ৰ সোঁৱৰণি ন্যাস । বিশিষ্ট শিল্পীগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা হয় বেণু মিশ্ৰ সোঁৱৰণী ন্যাস । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলযোগে এই কথা সদৰি কৰে উদ্যোক্তাসকলে । সংবাদমেলত ন্যাসৰ সাংগঠনিক সম্পাদক কিশোৰ কুমাৰ দাসে সদৰি কৰা অনুসৰি শিল্পী বেণু মিশ্ৰৰ নামত গঠন কৰা ন্যাসে শিল্পীগৰাকীৰ শিল্পকৰ্মসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভৱিষ্যতে বেণু মিশ্ৰৰ নামত শিল্পী বঁটা আৰু চাৰু কলা শিল্পীসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰিব । তদুপৰি শিল্পীগৰাকীৰ জন্মদিন আৰু মৃত্যু তিথিও ন্যাসে আনুষ্ঠানিকভাৱে উদযাপন কৰিব ।

আনহাতে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ উদ্যোগত আৰু বেণু মিশ্ৰ সোঁৱৰণি ন্যাসৰ সহযোগত 29 নৱেম্বৰত শিল্পীগৰাকীৰ 81 সংখ্যক জন্মজয়ন্তী চানমাৰিস্থিত আৰ্টিষ্ট গীল্ডৰ চৌহদত উদযাপন কৰা হ'ব ৷ উক্ত অনুষ্ঠানত ভাস্কর্য শিল্পী বীৰেন সিংহই প্ৰস্তুত কৰি উলিওৱা শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি আৰ্টিষ্ট গীল্ডৰ চৌহদত প্ৰতিষ্ঠা কৰা হ’ব । সংবাদমেলত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাপতি আমিনুছ হকে বেণু মিশ্ৰই সমাজলৈ আগবঢ়োৱা অৱদানৰ উচিত মূল্য নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে । উল্লেখ্য যে, ৰাজলক্ষ্মী মিশ্ৰক সভাপতি আৰু ৰংগনা মিশ্ৰক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে বেণু মিশ্ৰ সোঁৱৰণি ন্যাসখন ৷ ন্যাসত উপদেষ্টা হিচাপে আছে লোক সংস্কৃতিৰ গৱেষক ড0 বীৰেন্দ্ৰনাথ দত্ত, জ্যেষ্ঠ সাংবাদিক নিত্য বৰা আৰু প্ৰখ্যাত প্ৰকাশক গংগাপদ চৌধুৰী ।

লগতে পঢ়ক: বিগ ব্ৰেকিং : অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.