ETV Bharat / state

9 ডিচেম্বৰত মুক্তি পাব অসমৰ গুপ্তহত্যাৰ আলমত নিৰ্মিত Shadow Assassins ছবিখনে

author img

By

Published : Dec 7, 2022, 2:03 PM IST

অসমৰ গুপ্তহত্যাৰ সেই কলংকিত অধ্যায় কোনেও কাহানিও পাহৰিব নোৱাৰে । সেই বিভিষিকাময় সময়ৰ বহু কাহিনী আছে যি সকলোৱে জানিও যেন নাজানে । তেনে এক কাহিনীকে ৯ ডিচেম্বৰত সমগ্ৰ দেশবাসীৰ সন্মুখত তুলি ধৰিব এখন ছবিৰ জড়িয়তে । Shadow Assassins ছবিখনত দাঙি ধৰা হৈছে গুপ্তহত্য়াৰ এখন সঁচা ছবি (New movie Shadow Assassin) ।

Shadow Assassins will be released on 9th Decembe
গুপ্তহত্যাৰ আলমত অসমীয়া পৰিচালকৰ হিন্দী চিনেমা

নিউজ ডেস্ক,৭ ডিচেম্বৰ: 'গুপ্তহত্যা' শব্দতো যেন আজিও অসমবাসীৰ বাবে এক আতংক (Secret killings of Assam) । তেজে ধোৱা ইতিহাসৰ এটি অংশ 'গুপ্তহত্যা' । ১৯৯৬ চনৰ পৰা ২০০১ চন পৰ্যন্ত চলা এই হত্যাৰ ঘটনা অতীত হৈ পৰিলেও অসমীয়া মানুহে কাহানীও পাহৰিব নোৱাৰা এক অধ্যায় । এই গুপ্তহত্যাৰ বিষয়বস্তু হিচাপে লৈ প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এখন ছবি (Based on the secret killings of Assam a new movie) । বাস্তৱধৰ্মী এই চিনেমাখন সত্য ঘটনাৰ আলম লৈ নিৰ্মাণ কৰা হৈছে বুলি চিনেমাখনৰ আৰম্ভণিতে কোৱা হৈছে । ছবিখনৰ নাম দিয়া হৈছে Shadow Assassins (New movie Shadow Assassin) ।

৯ ডিচেম্বৰত মুক্তি পাব লগা Shadow Assassins ৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় মহানগৰীৰ জ্যোতি চিত্ৰবনত(Jyoti Chitraban) । মঙলবাৰে অনুষ্ঠিত প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে অসমীয়া ছবিজগতৰ ভালেসংখ্যক ব্যক্তিৰ লগতে সাংস্কৃতিক কৰ্মী তথা ছবিখনৰ প্ৰায়সংখ্যক কলা-কুশলী । ৯ ডিচেম্বৰত দেশৰ ২০০ ৰো অধিক ছবিগৃহত মুক্তিপাব ছবিখনে (Release of new movie in India) । নীলাঞ্জন ৰীতা দত্তৰ কাহিনী, পৰিচালনাৰে মুক্তি পাবলগীয়া ছবিখনৰ গীতত কণ্ঠদান কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভেদ আলীয়ে । ছবিখনত বলিউডৰ অভিনেতা অভিনেত্ৰীৰ লগতে কেইবাগৰাকীও অসমীয়া অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে ।

বিশেষ প্ৰদৰ্শনী উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত দৰ্শকসকল । সকলোৱে যেন উভতি গ'ল ১৯৯৬ চনৰ পৰা ২০০১ চনৰ সেই সময়চোৱালৈ । অসমৰ প্ৰায়সংখ্যক লোকেই জ্ঞাত অসমৰে এটি পৰিয়ালৰ সঁচা কাহিনী যেন পৰিস্ফুত হৈছে ছবিখনত । প্ৰিমিয়াৰ শ্ব'ত উপস্থিত দৰ্শকসকলৰ ভিতৰত খবৰ ৰখা আৰু জনাসকলে সেই বিশেষ পৰিয়ালটিৰ চৰিত্ৰকেইটা কোন কোন আছিল যেন উপলব্ধি কৰিলে ছবিখন উপভোগ কৰি ।

ছবিখনৰ আৰম্ভণি হৈছে উত্তেজনাময় আৱহ সংগীতেৰে আৰু উত্থান পতনৰ মাজত এক গতি ৰাখিবলৈ সক্ষম হৈছে । চৰিত্ৰসমূহৰ প্ৰতিষ্ঠা আৰু কাহিনীৰ গতিশীলতা সহজ আৰু স্বাভাৱিক । কাহিনীৰ সংবেদনশীলতাক প্ৰথমাৰ্দ্ধতে এনেদৰে গ্ৰহণযোগ্যতা প্ৰদান কৰিছে যে অসমৰ দৰ্শকে নিশ্চিতভাৱে আৱেগিকভাৱে চিনেমাখনৰ সৈতে সংযুক্ত হৈ পৰিব আৰু পৰৱৰ্তী এংশ উপবোগ কৰিবৰ বাবে এক আগ্ৰহ আৰু উৎকণ্ঠা অব্যাহত থাকিব ।

অপ্ৰয়োজনীয় সংলাপ আৰু দৃশ্যাংশৰ অৱতাৰণা নকৰাও এক যোগাত্মক দিশ ছবিখনৰ । নিৰীহৰ হত্যাৰ নাৰকীয়তাৰ দৃশ্যায়নতো নাটকীয়তা নাই যদিও দৰ্শকৰ মন-মগজু আন্দোলিত কৰিব পৰা বিধৰ । সৰ্বাত্মক দিশেৰে অসমৰ এক সময়ৰ এক ক'লা ইতিহাসক দাঙি ধৰাত বহু পৰিমাণে সফল হোৱা ছবিখন ৯ ডিচেম্বৰত দেশৰ লগতে ৰাজ্যৰ সকলোকে উপভোগ কৰিবলৈ আহ্বন জনাইছে পৰিচালক, প্ৰযোজক তথা কলা-কুশলীয়ে (Shadow Assassins will be released on 9th December) ।

লগতে পঢ়ক: Conflict over land : ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ আহত কেইবাগৰাকীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.