ETV Bharat / state

India Vs Australia T20 Match: 28 নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ - অসম ক্ৰিকেট সন্থা

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টী-২০ৰ এখন মেচ গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব'ৰ্ডৰ প্ৰ'গ্ৰাম এণ্ড ফিক্সাৰ কমিটীৰ সভাৰ অন্তত ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ ছিৰিজৰ তৃতীয়খন মেচ গুৱাহাটীত 28 নৱেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

Barsapara stadium in Guwahati
অসম ক্ৰিকেট সন্থা
author img

By

Published : Jul 26, 2023, 11:00 PM IST

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টী-২০

গুৱাহাটী, 26 জুলাই : এদিনীয়া বিশ্বকাপৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টী-২০ৰ এখন মেচ গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ বিগত 25 জুলাইত ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব'ৰ্ডৰ প্ৰ'গ্ৰাম এণ্ড ফিক্সাৰ কমিটীৰ সভাৰ অন্তত ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ ছিৰিজৰ তৃতীয়খন মেচ গুৱাহাটীত 28 নৱেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ উল্লেখ্য যে, অষ্ট্ৰেলিয়া ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপৰ আগেয়ে ভাৰতৰ বিপক্ষে তিনিখন এদিনীয়া খেলৰ ছিৰিজত ভাগ ল'ব ৷ আনহাতে, বিশ্বকাপৰ পাছত অষ্ট্ৰেলিয়া দলটোৱে টী-২০ ছিৰিজত ভাৰতৰ মুখামুখি হ’ব ৷

এই ছিৰিজত ভাৰতে 5 খন টী-২০ মেচ খেলিব ৷ ভাৰতে টী-২০ ছিৰিজৰ খেলসমূহ বিশাখাপট্টনম, তিৰুৱন্তপুৰম, গুৱাহাটী, নাগপুৰ আৰু হায়দৰাবাদত খেলিব ৷ ইফালে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব'ৰ্ডৰ প্ৰ'গ্ৰাম এণ্ড ফিক্সাৰ কমিটীয়ে এদিনীয়া বিশ্বকাপৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টী-২০ মেচ এখন গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে সন্থা ৷ মঙলবাৰে অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বাৰ্তাৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব'ৰ্ডৰ প্ৰ'গ্ৰাম এণ্ড ফিক্সাৰ কমিটীক ধন্যবাদ জ্ঞাপন কৰিছে ৷

প্ৰেছ বাৰ্তাত অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই কয় যে, ক্ৰিকেট সন্থাই গুৱাহাটীত 28 নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ ছিৰিজৰ তৃতীয়খন খেল অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব ৷

আনহাতে ক্ৰিকেট বিশ্বকাপৰ পিছতেই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি২০ ক্ৰিকেট মেচখনৰ বাবে ভাৰতীয় ক্ৰিকেট বৰ্ড তথা বৰ্ডৰ সম্পাদক জয় শ্বাহক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ৷

লগতে পঢ়ক : Assam Rehabilitation Center: বাধ্যতামূলক হ'ব ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহৰ পঞ্জীয়ন; পীযুষ হাজৰীকাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.