ETV Bharat / state

শিক্ষাৰ সংস্কাৰৰ বাবে বৰপেটাৰ এগৰাকী শিক্ষকে সাজি উলিয়ালে AI app

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 1:50 PM IST

শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ প্ৰৱৰ্তন হ’ল এটা এ আই এপ ৷ শিক্ষকসকলৰ পাঠ পৰিকল্পনা সৰল কৰিবলৈ এই এ আইৰ আধাৰত শৈক্ষিক এপটো প্ৰৱৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ সবিশেষ আগলৈ -

AI app to help teachers and students
শিক্ষা ব্যৱস্থাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স

গুৱাহাটী, 20 নৱেম্বৰ : শিক্ষকসকলৰ বাবে পাঠ পৰিকল্পনা সৰল কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এ আই) আধাৰিত শৈক্ষিক এপ উদ্ভাৱন কৰিছে বৰপেটাৰ এগৰাকী শিক্ষকে । এই কথা সোমবাৰে X ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী‌‌ হিমন্ত‌ বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে ।

"কৃত্ৰিম বুদ্ধিমত্তা (এ আই) য়ে শিক্ষাৰ ক্ষেত্ৰত কিছুমান আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পাৰে, শিক্ষাদান আৰু শিক্ষণ পদ্ধতিৰ উদ্ভাৱন কৰিব পাৰে । অসমৰ বৰপেটাত, আমাৰ জিলা কৰ্তৃপক্ষই শিক্ষকসকলৰ বাবে পাঠ পৰিকল্পনা সৰল কৰিবলৈ এ আই এপ উদ্ভাৱন কৰিছে", অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত এইদৰে উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰপেটাৰ জিলাৰ শিক্ষা বিভাগত কৰ্মৰত এজন শিক্ষকে তিনিটা কৃত্ৰিম বুদ্ধিমত্তা (এ আই) আধাৰিত শৈক্ষিক এপ উদ্ভাৱন কৰিছে আৰু এই এপ তিনিটাই শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো যথেষ্ট পৰিমাণে উপকৃত কৰিব বুলি স্ৰষ্টাই দাবী কৰিছে ।

  • Artificial Intelligence (AI) can address some of the biggest challenges in education, innovate teaching and learning practices.

    In Assam’s Barpeta, our district authorities have developed AI apps to simplifiy lesson planning for teachers.@ranojpeguassam @dcbarpeta_ pic.twitter.com/EObgWc9st4

    — Himanta Biswa Sarma (@himantabiswa) November 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই এপ তিনিটা বিগত 3 নৱেম্বৰত মুকলি কৰা হৈছিল আৰু এতিয়ালৈকে প্ৰায় 200 খন বিদ্যালয় ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে‌ । শিক্ষা বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত এই এপ ব্যৱহাৰ কৰা হৈছে ।

ইতিমধ্যে এই এপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বৰপেটা জিলাত থকা শিক্ষকসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হৈছে । আশা কৰা হৈছে যে এই শৈক্ষিক এপৰ দ্বাৰা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানত সুদূৰপ্ৰসাৰী ৰূপত ইতিবাচক প্ৰভাৱ পেলাব ৷ তিনিটাকৈ শৈক্ষিক এপ উদ্ভাৱন কৰা এই শিক্ষকজন হ’ল প্ৰসেনজিৎ শৰ্মা ৷

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ সুবিধাৰ বাবে বিশেষ এপ তৈয়াৰ বৰপেটাৰ প্ৰসেনজিৎ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.