ETV Bharat / state

Guwahati Double Murder: বন্দনাই কৰা কু-কৰ্মৰ ফল ভুগিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে

author img

By

Published : Feb 23, 2023, 8:20 AM IST

Updated : Feb 23, 2023, 2:01 PM IST

কন্যাই সংঘটিত কৰা জঘন্য কাণ্ডৰ বাবে সমাজৰ পৰা এঘৰীয়া হ’ব লগা হৈছে বন্দনাৰ পিতৃ-মাতৃ ৷ বন্দনাৰ মাতৃক পানীখাইতিৰ বেঙেনাবাৰীত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ একাংশ ৰাইজৰ ৷ পানীখাইতিৰ বেঙেনাবাৰীস্থিত 28 নং অংগনবাড়ী কেন্দ্ৰত কৰ্মৰত আছিল বন্দনাৰ মাতৃ (Guwahati Double Murder) ৷

Guwahati Double Murder
বন্দনাই কৰা কু-কৰ্মৰ ফল ভুগিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: পাষাণ বন্দনা কলিতাই কৰা কু-কৰ্মৰ বাবে এতিয়া বিপদত পৰিছে বন্দনাৰ মাতৃ ৷ বন্দনা কলিতাৰ মাতৃক নিষিদ্ধ কৰাৰ হুংকাৰ পানীখাইতিৰ বেঙেনাবাৰী ৰাইজৰ ৷ জীয়াৰীৰ লজ্জাজনক আৰু ঘৃণনীয় কাৰ্যৰ বাবে সমাজৰ আগত মুখ দেখুৱাব নোৰোৱা হৈছে বন্দনা কলিতাৰ মাতৃয়ে (Guwahati Double Murder update) ৷

উল্লেখ্য যে, স্বামী আৰু শাহুৱেকক পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাত অতি নৃশংসভাৱে হত্যা কৰি স্বাভাৱিক জীৱন অতিবাহিত কৰিছিল বন্দনা কলিতাই ৷ বন্দনা কলিতাৰ মাতৃ কৰ্মৰত আছিল পানীখাইতিৰ বেঙেনাবাৰীস্থিত 28 নং অংগনবাড়ী কেন্দ্ৰত ৷ কিন্তু এতিয়া কেন্দ্ৰটোত যোগদানৰ বাবে সাহস গোটাব পৰা নাই বন্দনাৰ দুৰ্ভগীয়া মাতৃয়ে ৷ বুধবাৰে বন্দনা কলিতাৰ মাতৃয়ে অংগনবাড়ী কেন্দ্ৰটোত যোগদান কৰিব লাগিছিল যদিও নহ’ল উপস্থিত (Bandana Kalita murder case) ৷

দীৰ্ঘদিনৰ পৰাই কেন্দ্ৰটোত কৰ্মৰত আছিল বন্দনা কলিতাৰ মাতৃ ৷ মাতৃক কেন্দ্ৰটোলৈ অনা নিয়া কৰাৰ লগতে কেন্দ্ৰটোৰ কণ কণ শিশুসকল খাদ্যও যোগান ধৰিছিল বন্দনাই ৷ কিন্তু বন্দনা কলিতাৰ নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাচতে ক্ষুদ্ধ হৈ পৰিছে বেঙেনাবাৰীস্থিত 28 নং অংগনবাড়ী কেন্দ্ৰৰ সমীপৰ লোকসকল ৷ সেয়েহে, বন্দনাৰ মাতৃকো প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ দিছে একাংশই (Bandana Kalita news update) ৷

বুধবাৰে অংগনবাড়ী কেন্দ্ৰটোত অনুষ্ঠিত কৰা হৈছিল শিশু চিকিৎসা শিবিৰ ৷ কিন্তু বন্দনাৰ মাতৃ উপস্থিত নোহোৱাত কেন্দ্ৰটোৰ সহায়িকা তথা নাৰ্ছৰ সহযোগত স্বাস্থ্য শিবিৰটো অনুষ্ঠিত কৰা হয় ৷ আনহাতে, ক্ষুব্ধ ৰাইজে বন্দনাৰ মাতৃক চাকৰিৰ পৰা অতি সোনকালে নিলম্বন কৰিবলৈ অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ সংশ্লিষ্ট কতৃপক্ষ তথা CDPO ক আবেদন জনাব বুলিও সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে ৷ ইফালে, গৃহৰক্ষী জোৱান হিচাবে কৰ্মৰত বন্দনা কলিতাৰ পিতৃয়ে বুধবাৰে পুৱাৰ ভাগত কেন্দ্ৰটোলৈ আহি আলমিৰাৰ তলা খুলি নথি-পত্ৰ লৈ যোৱাক লৈয়ো ক্ষোভ প্ৰকাশ কৰে ৰাইজে (Sensational murder in Guwahati) ৷

উল্লেখ্য যে, পিতৃৰ গৃহত থাকিয়েই হত্যাৰ সমগ্ৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছিল বন্দনা কলিতাই ৷ হত্যাকাণ্ড সংঘটিত কৰি পিতৃৰ গৃহত সত্যনাৰায়ণ পূজাও পাতিছিল বন্দনাই ৷ এনেবোৰ তথ্য পোহৰলৈ অহাৰ পাচত ইতিমধ্যেই বন্দনাৰ পিতৃ-মাতৃক এঘৰীয়া কৰিছে স্থানীয় ৰাইজে ৷ ইফালে, বুধবাৰে বন্দনা কলিতাক আদালতত হাজিৰ কৰি পুনৰ 6 দিনৰ বাবে নিজৰ জিম্মাত লয় আৰক্ষীয়ে ৷

উল্লেখ কৰা প্ৰয়োজন যে, তিনি হত্যাকাৰী বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাৰ লগত আন এজন ছাত্ৰ জড়িত থকা বুলিও সন্দহে প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি সেই ছাত্ৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে (Brutal murder in Guwahati) ৷

লগতে পঢ়ক: Guwahati Double Murder: পুনৰ ছদিনৰ আৰক্ষীৰ জিম্মালৈ বন্দনা কলিতা

Last Updated : Feb 23, 2023, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.