ETV Bharat / state

Bandana Double murder case: পুত্ৰক বিচাৰি হাবাথুৰি খাইছে অৰূপৰ পিতৃয়ে

author img

By

Published : Feb 21, 2023, 6:41 PM IST

পুত্ৰৰ বৰ্বৰতাক কোনোপধ্যে মানি ল’ব পৰা নাই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ পুত্ৰক বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ পূৰ্বেই পুত্ৰক বিচাৰি হাবাথুৰি খাইছে অৰূপৰ দুৰ্ভগীয়া পিতৃয়ে (Arup Deka family on murder case)৷ গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ অৰূপৰ বিৰুদ্ধে

Bandana Double murder case
পুত্ৰক বিচাৰি হাবাথুৰি খাইছে অৰূপৰ পিতৃয়ে

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: "মোৰ ল’ৰাটো আনি দিয়ক, মোৰ এটাই ল’ৰা, মোৰ ল’ৰা অপৰাধী নহয় ৷ মোৰ ল’ৰাৰ কোনো দোষ নাই ৷ মোৰ ল’ৰাক বন্দনাই ফচাইছে ৷" ৰাজ্য কঁপোৱা বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰৰ ঘটনাত অভিযুক্ত প্ৰেমিক ধনটি কলিতা আৰু বন্ধু অৰূপ কলিতাৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে (Bandana Double murder case) ৷ পুত্ৰক বিচাৰি হাবাথুৰি খাইছে অৰূপ কলিতাৰ পিতৃয়ে (Arup Deka family on murder case) ৷

প্ৰায় এমাহৰ পূৰ্বে অৰ্থাৎ যোৱা 2 ফেব্ৰুৱাৰীত প্ৰেমিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল দুটাকৈ নৃশংস হত্যাকাণ্ডত জড়িত থকা অৰূপ কলিতাই (Guwahati murder case) ৷ বিবাহ সম্পন্ন হোৱাৰ পিচতে অহা 22 ফেব্ৰুৱাৰীত অৰূপৰ বিবাহৰ অভ্যৰ্থনাৰ দিন ধাৰ্য কৰা হৈছিল ৷ সেই অনুসৰি কাইলৈ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অৰূপৰ ৷ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে সকলো জো-যা চলোৱা হৈছিল অৰূপৰ বাসগৃহত ৷ কিন্তু দৰাৰ সাজ পৰিধান কৰাৰ সলনি হেণ্ডকাফ পিন্ধি ৰঙাঘৰৰ আলহী হ’লগৈ অৰূপ ৷ ইয়াৰ পিচতেই অৰূপৰ ঘৰত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷

পুত্ৰই কৰা অমানৱীয় কাণ্ডক বিশ্বাস কৰিব পৰা নাই পিতৃ-মাতৃয়ে । তেওঁলোকৰ সন্তানে এনে বৰ্বৰ কাৰ্যৰ লগত জড়িত থকাৰ কথা কোনোপধ্যেই মানি ল’ব খোজা নাই অৰূপৰ পিতৃ-মাতৃয়ে ৷ বন্দনাই নিচাজাতীয় বস্তু খোৱাই এই জঘন্য ঘটনা সংঘটিত কৰা অভিযোগ অৰূপ ডেকা পৰিয়ালৰ ।

অৰূপৰ পৰিয়ালৰ ভাষ্য অনুসৰি অৰূপৰ লগত কলেজীয়া দিনৰ পৰা ঘনিষ্ঠতা আছিল বন্দনা কলিতাৰ ৷ কিন্তু বন্দনাক অনামিকা নামেৰেহে জানিছিল অৰূপৰ পৰিয়ালৰ লোকে ৷ কলেজীয়া দিনৰে পৰা অৰূপৰ ঘৰলৈ আহ জাহ আছিল বন্দনাৰ ৷ শেহতীয়াকৈ বন্দনাই প্ৰেমিক ধনটিৰ লগত অৰূপৰ ঘৰলৈ আহিছিল ৷ তেতিয়া কথা বতৰা হোৱাত বন্দনা আৰু ধনটিয়ে অচিৰেই বিবাহপাশত আৱদ্ধ হ’ব বুলি অৰূপৰ পৰিয়ালক অৱগত কৰিছিল ৷

আনহাতে, অৰূপ ডেকা এগৰাকী সক্ৰিয় বিজেপি কৰ্মী আছিলে বুলিও অভিযোগ উত্থাপন হৈছে কিন্তু বৰ্তমানলৈ কোনো মন্তব্য দিয়া নাই বিজেপি দলৰ ফালৰ পৰা । ইপিনে পাণবজাৰ আৰক্ষীয়ে বন্দনাই নৃশংসভাৱে হত্যা কৰা স্বামীৰ মৃতদেহৰ সন্ধানত পুৱা ৮.৩০ মেঘালয়লৈ ৰাওনা হৈছে (Woman killed husband and mother in law) ৷ পানবজাৰ আৰক্ষীৰ এটা দলে বন্দনা কলিতা, অৰূপ ডেকা, ধনটি ডেকাক লগত লৈ মেঘালয়ত অভিযান চলাবলৈ যায় যদিও বন্দনা কলিতা অসুস্থ হৈ পৰাত বন্দনা কলিতাক ওভতাই আনি জি এম চি এইচত স্বাস্হ্য পৰীক্ষাৰ বাবে লৈ অনা কথা আছিলে যদিও বৰ্তমানলৈ জি এম চি এইছলৈ আহি পোৱা নাই ।

আচলতে, বন্দনা কলিতাক লগত লৈ গোপন স্থানত আৰক্ষীয়ে অভিযান চলাবও পাৰে নাইবা পৃথকে জেৰা চলোৱা হৈছে নেকি সেই কথাও স্পষ্ট হোৱা নাই । আনহাতে আৰক্ষীয়ে অৰূপ ডেকা, ধনটি ডেকাক লৈ মেঘালয়ৰ ডাউকীত অমৰজ্যোতি দে’ৰ মৃতদেহৰ ৫ টা টুকুৰা বিচাৰি অভিযান চলাইছে (Narengi murder case accused arrested) । ২৬ জুলাইত শহুৱেক শংকৰী দেক আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দেক নিশংসভাৱে হত্যা কৰিছিল বন্দনা আৰু দুই সহযোগীয়ে ৷

শেহতীয়া, খবৰ অনুসৰি আৰক্ষীৰ তদন্তত বন্দনাৰ স্বামীৰ টি-ছাৰ্টৰ লগতে শৰীৰৰ কেইবাটাও কটা টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’য়ে কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ ধনজিত ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।

ইপিনে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে । ইয়াকেও লৈ পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল । এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দে’ৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল । এনে সময়তে প্ৰায় ২৯ আগষ্টত স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি বন্দনাই নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

লগতে পঢ়ক: Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.