ETV Bharat / state

Felicitation Programme in Guwahati: APSCত উত্তীৰ্ণ আজমল একাডেমীৰ শিক্ষার্থীক সম্বৰ্ধনা বদৰুদ্দিন আজমলৰ - Ajmal IAS academy

অসম লোকসেৱা আয়োগত সফলতা অৰ্জন কৰা আজমল আই এ এছ একাডেমীৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ । প্ৰত্যেককে সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান । কেতিয়াও কাৰো অন্যায় নকৰাৰ বাবেও শিক্ষাৰ্থীসকলক অনুৰোধ জনালে আজমলে ৷

badruddin-ajmal-felicitates-ajmal-academy-students-who-passed-apsc
APSCত উত্তীৰ্ণ আজমল একাডেমীৰ শিক্ষার্থীক সম্বৰ্ধনা বদৰুদ্দিন আজমলৰ
author img

By

Published : Nov 13, 2022, 10:22 PM IST

Updated : Nov 13, 2022, 10:42 PM IST

গুৱাহাটী,১৩ নৱেম্বৰ: সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠিল আজমল আই এ এছ একাডেমী (Ajmal IAS academy) । আজমল আই এ এছ একাডেমীৰ পৰা ১৬ গৰাকী শিক্ষার্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অর্জন কৰে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অর্জন কৰা একাডেমীৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক আজি গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় (Felicitation Programme in Guwahati)। সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে (MP Badruddin Ajmal)।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা আজমল আই এ এছ একাডেমীৰ শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেচনে সম্পূর্ণ বিনামূলীয়া কোচিং আগবঢ়াইছিল (Ajmal Foundation) । আনহাতে অনুষ্ঠানত আমেৰিকাৰ পৰা এল এল এম ২০২১-২২ বৰ্ষত সফলতা অর্জন কৰা অধিবক্তা আমান ওয়াদুদ আৰু UK LIM (Human Rights) ২০২২ত সফলতা লাভ কৰা অধিবক্তা এ এছ তাপাদাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় (APSC passed students felicitated)।

APSCত উত্তীৰ্ণ আজমল একাডেমীৰ শিক্ষার্থীক সম্বৰ্ধনা বদৰুদ্দিন আজমলৰ

অনুষ্ঠানত ভাষণ প্ৰসংগত সাংসদ বদৰুদ্দিন আজমলে কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, মানুহ এই পৃথিৱীত আহে আৰু যায় আৰু যোৱাৰ পাছত এৰি যায় স্মৃতি । তেওঁ প্ৰত্যেককে সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় । কেতিয়াও কাৰো অন্যায় নকৰাৰ বাবেও তেওঁ শিক্ষাৰ্থীসকলৰ প্ৰতি অনুৰোধ জনায় ।

উল্লেখ্য যে, বিগত বছৰকেইটাত আজমল ফাউণ্ডেচনে নতুন দিল্লীত আজমল আই এ এছ একাডেমীৰ জৰিয়তে বিনামূলীয়াকৈ কোচিং প্ৰদান কৰি আহিছিল আৰু প্ৰতিটো বছৰে আশানুৰূপ সফলতা লাভ কৰি আহিছে । আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে অৱশেষত হোজাইটো আজমল আই এছ একাডেমী স্থাপন কৰা হয় ।

যাতে দেশৰ অন্য প্ৰান্তৰ লগতে উত্তৰ-পূৱৰ শিক্ষাৰ্থীসকলেও সহজতে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে । আজিৰ সম্বৰ্ধনা অনুষ্ঠানত এ আই ইউ ডি এফৰ কেইবাগৰাকী বিধায়কৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: UPPL Conference in Kokrajhar : পুনৰ ইউপিপিএলৰ সভাপতি হিচাবে নিৰ্বাচিত প্ৰমোদ বড়ো

Last Updated : Nov 13, 2022, 10:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.