ETV Bharat / state

নিৰ্বাচনত হৰা-জিকা থাকেই, সদায় যে আমি জিকি থাকিম সেয়া নহয়: আজমল

author img

By

Published : Dec 15, 2020, 10:14 PM IST

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পাচত মুখ খুলিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত পৰাজিত হ'লেও ২০২১ৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ আশা প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে ৷

badaruddin ajmal reacted after BTC election
নিৰ্বাচনত হৰা-জিকা থাকেই, সদায় যে আমি জিকি থাকিম সেয়া নহয়: আজমল

গুৱাহাটী,15 ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। "নিৰ্বাচনত হৰা-জিকা থাকেই, সদায় যে আমি জিকি থাকিম সেয়া নহয়"- এই মন্তব্য আজমলৰ ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত পৰাজিত হ'লেও আত্মবিশ্বাস কমা নাই সাংসদ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছৰে মিত্ৰতা অক্ষুন্ন থকাৰ কথা উল্লেখ কৰি কয় আগন্তুক বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব ৷

কিয়নো বিটিচি নিৰ্বাচনৰ লেখীয়া নহয় ২০২১ৰ বিধানসভা নিৰ্বাচন। কংগ্ৰেছ আৰু AIUDF ৰ মহাজোঁট বন্ধনকলৈ সম্পূৰ্ণ আশাবাদী বুলিও উল্লেখ কৰে বদৰুদ্দিন আজমলে । ইফালে সন্ত্ৰাসবাদী সংগঠনৰে সংযোগ থকা বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনলৈ ধন অহা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷ সমগ্ৰ বিষয়টো অস্বীকাৰ কৰি সাংসদ বদৰুদ্দিন আজমলে কয় এয়া এক ৰাজনৈতিক শত্ৰুতা ।

লগতে পঢ়ক: বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.