গুৱাহাটী, 23 আগষ্টঃ অৱশেষত ৰাজনীতিৰ পথাৰত ভৰি দিলে জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱা আৰু সংগীত পৰিচালক অজয় ফুকনে ৷ দেওবাৰে ৰাজহুৱাভাৱে এই কথা ঘোষণা কৰে শিল্পীদুগৰাকীয়ে ৷ আহা 25 আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্যপদ গ্ৰহণৰ পূৰ্বে দেওবাৰে মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ত আশীষ লয় সংগীত শিল্পী বাবু বৰুৱা, নেকিব আৰু অজয় ফুকনে ৷ আগন্তুক নিৰ্বাচনত উত্তৰ গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা বাবুৰ ৷ এই অনুষ্ঠানত তেঁওলোকক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷
শিল্পীকেইগৰাকীৰ কংগ্ৰছলৈ আগমনে কংগ্ৰেছ শিবিৰক আৰু অধিক উৎসাহিত কৰিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ নতুন প্ৰজন্মক লগত লৈ কংগ্ৰেছে 2021ত বিজেপি মুক্ত এখন চৰকাৰ গঠন কৰিব বুলিও কয় ৰিপুন বৰাই ৷ আনহাতে, আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰিবলৈ ওলোৱা ৰাজনৈতিক দলে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা সন্দৰ্ভত তেখেতে কয় যে, কংগ্ৰেছে শেষ পৰ্যন্ত তেঁওলোকক মিত্ৰতাৰ বাবে আহ্বান জনাই থাকিব ৷
সমান্তৰালকৈ, কংগ্ৰেছত যোগদান কৰিবলৈ পাই যথেষ্ট সুখী বুলি মন্তব্য কৰিলে বিশিষ্ট সংগীত পৰিচালক অজয় ফুকনে ৷ 2021ৰ বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথাও সদৰি কৰে শিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক-মথুৰাত 500 কাৰাবন্দীক কোৱাৰেণ্টাইন