গুৱাহাটী, 18 জুলাইঃ হাজো অঞ্চলৰ কেইবাখনো গাঁও পুথিমাৰী নৈৰ বালৰ কৱলত পৰিছে যদিও বানাক্ৰান্তৰ বাবে চৰকাৰে আশ্ৰয় শিবিৰ স্থাপন নকৰা বুলি অভিযোগ উত্থাপন কৰিছে চি পি আই এমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই ৷ চৰকাৰৰ পৰা সাহায্য, স্বাস্থ্য সেৱাৰ সুবিধা অবিহনে দুৰ্বিষহ জীৱন পাৰ কৰিছে হাজোৰ বহুকেইখন গাঁৱৰ ৰাইজে ৷ বানাক্ৰান্ত এটা অঞ্চলৰ এই দুৰৱস্থাই সমগ্ৰ ৰাজ্যৰ প্ৰতিচ্ছবি উদঙাই দিয়ে বুলি কয় ভট্টাচাৰ্যই ৷
বান সাহায্য প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ ৰাজ্য চৰকাৰঃ চি পি আই (এম) - CPI M
ৰাজ্যত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বানাক্ৰান্তৰ প্ৰতি ৰাজ্য চৰকাৰে দায়িত্ব পালন নকৰাৰ অভিযোগ ৷
বান সাহায্য প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ ৰাজ্য চৰকাৰঃ চি পি আই (এম)
গুৱাহাটী, 18 জুলাইঃ হাজো অঞ্চলৰ কেইবাখনো গাঁও পুথিমাৰী নৈৰ বালৰ কৱলত পৰিছে যদিও বানাক্ৰান্তৰ বাবে চৰকাৰে আশ্ৰয় শিবিৰ স্থাপন নকৰা বুলি অভিযোগ উত্থাপন কৰিছে চি পি আই এমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই ৷ চৰকাৰৰ পৰা সাহায্য, স্বাস্থ্য সেৱাৰ সুবিধা অবিহনে দুৰ্বিষহ জীৱন পাৰ কৰিছে হাজোৰ বহুকেইখন গাঁৱৰ ৰাইজে ৷ বানাক্ৰান্ত এটা অঞ্চলৰ এই দুৰৱস্থাই সমগ্ৰ ৰাজ্যৰ প্ৰতিচ্ছবি উদঙাই দিয়ে বুলি কয় ভট্টাচাৰ্যই ৷
Intro:ৰাজ্যৰ বান পীড়িত ৰাইজক সাহায্য প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। চি পি আই (এম)ৰ অভিযোগ বান পীড়িত ৰাইজক চৰকাৰে প্ৰদান কৰা নাই উপযুক্ত সুবিধা। ওখ স্থানত পশুৰ সৈতে একেলগে বসবাস কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্ত ৰাইজ।
Body:ৰাজ্যত বলিয়া বানৰ তাণ্ডৱ অব্যহত থকাৰ মাজতে বানাক্ৰান্ত ৰাইজ বঞ্চিত হৈছে উপযুক্ত চৰকাৰী সাহায্যৰ পৰা। চি পি আই (এম)ৰ দল এটাই বিভিন্ন বানপানী প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে ৰাজ্য চৰকাৰ বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ দাবী কৰিছে যদিও ইয়াৰ প্ৰকৃতত ছবি সম্পূৰ্ণ বিপৰীত। কামৰূপ (গ্ৰাম্য) জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ বানাক্ৰান্ত ৰাইজ যোৱা এসপ্তাহ ধৰি বানপানীত আবদ্ধ হৈ আছে যদিও আজি পৰ্যন্ত চৰকাৰে এই গাঁও সমূহৰ বানাক্ৰান্ত ৰাইজৰ বাবে নিৰ্মান কৰা নাই শিবিৰ। হাজাৰ হাজাৰ বাসগৃহ বঢ়নী পানীত ডুব যোৱাৰ ফলত ৰাইজ ওখ স্থানত পশুৰ লগত একেলগে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। চি পি আই (এম)ৰ অভিযোগ হাজোত বান প্ৰভাৱিত ৰাইজ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰ লগতে উপযুক্ত চিকিৎসাৰ পৰাও বঞ্চিত হৈছে। চি পি আই (এম)য়ে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখনক আক্ৰমণ কৰি কয় বিজেপি নিৰ্বাচনৰ পুর্বে অসমৰ বানপানী সমস্যক ৰাষ্ট্ৰীয় সমস্য হিচাপে ঘোষণা কৰাৰ কথা কয় যদিও নিৰ্বাচনৰ পিছত বিজেপিয়ে অসমক পাহৰি যায়। কেন্দ্ৰ চৰকাৰে অসমৰ বানপানী সমস্যক যেনে ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনে গুৰুত্ব প্ৰদান কৰা নাই। ৰাজ্য চৰকাৰখনে বানপানী সমস্যৰ পৰা যুঁজিবলৈ কেন্দ্ৰ চৰকাৰৰ সাহায্য পুঞ্জীৰ প্ৰয়োজন নাই, বানপানীৰ পৰা মুকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ পুঞ্জীৰ অভাৱ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে, যদি পুঞ্জীৰ অভাৱ নাই তেন্তে বানাক্ৰান্ত ৰাইজ কিয় পৰ্যাপ্ত সুবিধা পোৱা নাই বুলি চি পি আই (এম)য়ে প্ৰশ্ন উত্থাপন কৰে। চি পি এই (এম)য়ে লগতে প্ৰশ্ন কৰে যে যদি ৰাজ্যৰ ৰাজধানীৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত থকা হাজো ৰাজহচক্ৰৰ বানাক্ৰান্ত ৰাইজ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে তেন্তে ভিতৰুৱা বানাক্ৰান্ত ৰাইজৰ অৱস্থা কি হ'ব?
বাইট : দেবেন ভট্টাচাৰ্য, সম্পাদক, চি পি আই (এম)
Conclusion:পুঠিমাৰী নৈৰ মাথাউৰী বানপানীৰ ফলত তিনি ঠাইত ভাঙি যোৱাৰ ফলত হাজো আৰু ৰঙিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজ বৰ্তমানেও বানপানীত ককবকাই আছে। চি পি আই (এম)য়ে চৰকাৰক অতি শীঘ্ৰে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদানৰ লগতে পুঠিমাৰী নৈৰ মাথাউৰী নিৰ্মাণৰ দাবী জনাইছে।