ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি - rihan daimari

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি
author img

By

Published : Jun 23, 2019, 11:07 PM IST

গুৱাহাটী, 23 জুনঃ ''ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটো অন্যতম দুৰ্নীতিগ্ৰস্ত বিভাগ । মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বতে বিভাগটোত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী '', এই গুৰুতৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ ৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । সংগঠনটোৰ অভিযোগ বিভাগটোত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী । বিভাগটোক একাংশ ঠিকাদাৰ অভিযন্ত্ৰাই ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । ইয়াৰ উপৰিও এজন ঠিকাদাৰেই বহু কেইটা কামৰ নিৱিদা লাভ কৰিছে বুলিও মন্তব্য কৰে সংগঠনটোৱে । উল্লেখ্য যে, কোটি কোটি টকা খৰচ কৰি বাক্সাত খোৱাপানী আঁচনি নিৰ্মাণ কৰা হৈছে যদিও সেই স্থানত আৰ্ছেনিকযুক্ত পানীহে লাভ কৰি আছে জনসাধাৰণে । যি ঘটনাই বিভাগটোৰ ফোপোলা স্বৰূপটোক উদঙাই দিছে । লগতে সংগঠনটোৰ প্ৰত্যাহ্বান, মুখ্যমন্ত্ৰীয়ে বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ নিমন্ত্ৰণ জনালে সকলো তথ্য ফাদিল কৰিবলৈ সাজু আছে অসমীয়া যুৱ মঞ্চ ।

Intro:ৰাজ্য ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটো অন্যতম দুৰ্নীতি গ্ৰস্ত বিভাগ ।মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বতে বিভাগটোত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী । এই গুৰুতৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ

Body:দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । সংগঠনটোৰ অভিযোগ বিভাগটোত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী । বিভাগটোৰ একাংশ ঠিকাদাৰ অভিযন্ত্ৰাই ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ উপৰিও একোজন ঠিকাদাৰেই বহু কেইটা ঠাইৰ কাম লাভ কৰিছে বুলিও মন্তব্য কৰে সংগঠনটোৱে । উল্লেখ্য যে কোটি কোটি টকা খৰচ কৰি বাক্সাত খোৱাপানী আচনি নিৰ্মাণ কৰা হৈছে যদিও সেই স্থানত আৰ্ছেনিক পানীহে লাভ কৰি আছে জনসাধাৰণে । যি ঘটনাই বিভাগটোৰ স্বৰূপটোক উদঙাই দিছে । লগতে সংগঠনটোৱে প্ৰত্যাহ্বান জনাই যে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত তেওঁ লোকক নিমন্ত্ৰণ জনালে সকলো তথ্য ফাদিল কৰিবলৈ সাজু আছে তেওঁ লোকে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.