ETV Bharat / state

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক ! - অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !

বিজেপিয়ে চিৰ দিন ক্ষমতা দখলৰ লক্ষ্য বান্ধি লৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে সেয়া ইতিমধ্যে সকলোৱে গম পাইছে । অসম আন্দোলনৰ জৰিয়তে ক্ষমতাৰ দখললৈ অহা মানুহেই উচ্চ আসনত আছে। কিন্তু সেই সকল বৰ্তমান দিল্লীৰ বৰমূৰীয়া সকলৰ ওচৰত আঠু লৈছে ৷

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !
author img

By

Published : Nov 25, 2019, 9:49 PM IST

গুৱাহাটী, 25 নৱেম্বৰঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰে "অসম নাগৰিক সমাজে" । সংবাদমেলত অংশ লয় বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা,সাংবাদিক অজিত ভূঞা, সাংবাদিক প্ৰশান্ত ৰাজগুৰুকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি ৷

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !

সংবাদমেলত উপস্থিত থাকি সাহিত্যিক হৰেকৃষ্ণ ডেকাই কয়, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে সৰ্বনাশ হ'ব ৷ বিধেয়কখনৰ বিৰুদ্ধে আমি সকলো দল,ধৰ্ম নিৰ্বিশেষে মাৰ বান্ধি ঐক্যবদ্ধ হ'ব লাগিব। লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়,লাচিতে অসমৰ মাটিত বিদেশী সোমাবলৈ দিয়া নাছিল। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী নিবোকাৰ দৰে কেব সমৰ্থন কৰিছে। তেওঁ কিয় ক'ব নোৱাৰিলে যে,জাতিতকৈ মোৰ দল ডাঙৰ নহয় বুলি। তেজ থকালৈ কেব বিৰুদ্ধে যুজঁ দি যাম বুলিও মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে ৷

আনহাতে,সাংবাদিক অজিত ভূঞাই কয়,বিজেপিয়ে চিৰদিন ক্ষমতা দখলৰ লক্ষ্য বান্ধি লৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে সেয়া ইতিমধ্যে সকলোৱে গম পাইছে । অসম আন্দোলনৰ জৰিয়তে ক্ষমতাৰ দখললৈ অহা মানুহেই উচ্চ আসনত আছে। কিন্তু সেইসকল বৰ্তমান দিল্লীৰ বৰমূৰীয়া সকলৰ ওচৰত আঠু লৈছে ৷ অসমৰ বাহিৰে বেলেগ ৰাজ্যত এটা জাতিক নিঃশেষ কৰাৰ যি আয়োজন সেয়া কেতিয়াও মানি নলয়। কিন্তু অসমত নৰেন্দ্ৰ মোডী আৰু আৰু অমিত শ্বাহকে জাতিতকৈ ডাঙৰ বুলি সকলো কাম কৰি যায় ৷

সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয়,কেব গৃহীত হোৱাৰ পাচতে আমাৰ জাতি দুৰ্ঘোৰ সংকটত পৰিব সেইটো খাটাং। গৃহীত হ'লেই চুবুৰীয়া বাংলাদেশৰ হিন্দুৰ ওপৰত তীব্ৰ অত্যাচাৰ হ'ব। লগতে অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে সকলোকে কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

Intro:সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে এক সংবাদমেল সম্বোধন কৰে "অসম নাগৰিক সমাজে" ।

Body:সংবাদমেলত অংশ লৈ বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে সৰ্বনাশ হব । গতিকে আমি সকলো দল,ধৰ্ম নিৰ্বিশেষে মাৰ বান্ধি ঐক্যবদ্ধ হৈ কেবৰ বিৰোধিতা কৰিব লাগিব । দল সংগঠন সমূহে গাৱে গাৱে গৈ প্ৰচাৰ কৰিব লাগিব । তেওঁ মুখ্যমন্ত্ৰী ক সমালোচনা কৰি কয় যে লাচিতে অসমৰ মাটিত বিদেশী সোমাব দিয়া নাছিল । দেশতকৈ মোমাই ডাঙৰ নহয় । কিন্তু আমাৰ মুখ্যমন্ত্ৰী নিবোকাৰ দৰে কেব সমৰ্থন কৰিছে । তেওঁ কিয় কব নোৱাৰে যে জাতিতকৈ মোৰ দল ডাঙৰ নহয় । যোৱা কালিয়ে লাচিত দিৱসত কব লাগিছিল ।আপুনি ষড়যন্ত্ৰ কৰি আছে তাৰ ফল পাব ।তেজ থকালৈ যুজঁ দি যাম,এৰি নিদিও ।

এই সংবাদমেলতে অজিত ভূঞা ই কয় যে বি জে পি য়ে চিৰদিন ক্ষমতা দখলৰ যি লক্ষ্য বান্ধি লৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ সেয়া ইতিমধ্যে গম পাইছে ।সেই ষড়যন্ত্ৰ প্ৰতিহত কৰিবৰ বাবে সেই পৰ্যায়ত আমি উপনীত হবপৰা নাই কিন্তু যিবোৰ আন্দোলন হৈছে অনুমান কৰিব পাৰি যে অসমত এটা গন জাগৰণ হব। অসম আন্দোলনৰ জৰিয়তে ক্ষমতাৰ দখললৈ অহা মানুহেই উচ্চ আসনত আছে ।সেই সকলে দিল্লীৰ ওচৰত আঠু লৈছে আচৰিত লাগে বুলিও ক্ষোভ প্ৰকাশ কৰে । অসমৰ বাহিৰে বেলেগ ৰাজ্য ত কেতিয়াও মানি নললে হয় এটা জাতিক নি শেষ কৰাৰ যি আয়োজন । দেশতকৈ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ বেছি ডাঙৰ সেই সকলৰ বাবে বুলি তীৰ্যক মন্তব্য কৰে । সেয়ে সকলোৱে ঐক্যবদ্ধ ভাৱে এখন যুদ্ধ দিব লাগে ।কেব গৃহীত হব তেওঁ লোকে কৈছে আমিও কৈছোঁ গৃহীত হলেও জাতীয় সংগ্ৰাম অব্যাহত থাকিব ।

এই সংবাদমেলতে সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে কেব গৃহীত হব আৰু আমি জাতি দুৰ্ঘোৰ সংকটত পৰিব সেইটো খাটাং । গৃহীত হলেই চুবুৰীয়া বাংলাদেশৰ হিন্দুৰ ওপৰত তীব্ৰ অত্যাচাৰ হব । তেওঁ আৰু কয় যে যদি যদি অসমীয়া হৈ জীয়াই থাকিব মন আছে কেবৰ বিৰোধিতা কৰক ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.