ETV Bharat / state

মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সজাগতামূলক অনুষ্ঠান

author img

By

Published : Jun 11, 2020, 6:04 PM IST

আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং দিৱস উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে আয়োজন কৰে এক সজাগতামূলক অনুষ্ঠানৰ । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহানগৰীৰ মালিগাঁও ৰে'ল গেটত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ।

মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সজাগতামূলক অনুষ্ঠান
মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সজাগতামূলক অনুষ্ঠান

গুৱাহাটী, 11 জুনঃ বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং দিৱস উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে আয়োজন কৰে এক সজাগতামূলক অনুষ্ঠান । ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যেৰে ৰূপায়ন কৰা হয় এই কাৰ্যসূচী ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহানগৰীৰ মালিগাঁও ৰে'ল গেটত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ৰে'ল ক্ৰছিঙত ৰাইজৰ অসাৱধানতাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই এই নাট প্ৰদৰ্শন কৰা হয় ।

ৰে'ল অহা আগমুহূৰ্তত গেট পাৰ হৈ একাংশ লোকে আহযাহ কৰে । একাংশই সুৰাপান কৰি গাড়ী চলাই অনাহকত গেটসমূহত কৰ্তব্যৰত কৰ্মচাৰীৰ লগত বাক বিতণ্ডাত লিপ্ত হয় । আৰু একাংশই এই বিপদজনক ৰে'ল ক্ৰছিঙত টিকটক ভিডিঅ' প্ৰস্তুত কৰাও দেখা যায়, যিটো ৰে'লৱে আইন, ১৯৮৯ৰ মতে দণ্ডনীয়। এই সজাগতা মূলক অনুষ্ঠানত এই আইনৰ বিষয়েও ৰাইজক সজাগ কৰা হয় ।

এই নিয়মসমূহ মানি চলি ৰে'ল কৰ্তৃপক্ষক সহযোগিতা কৰিবলৈ আহ্বান ৰাইজক ৰে'ল বিভাগে আহ্বান জনাই।

লগতে চাওকঃ দেৱাশীস গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.