নিউজ ডেস্ক, 8 ডিচেম্বৰ : বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে বাহিৰ কৰে সজাগতামূলক শোভাযাত্ৰা (Rally against child marriage)। ৰাজ্যত চলি থকা বাল্য বিবাহৰ বিৰুদ্ধে তথা মহিলা সবলীকৰণৰ সপক্ষে ঠায়ে ঠায়ে এই শোভাযাত্ৰা উলিওৱা হয় ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াতো মঙলবাৰৰ দিনটোত বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ৷ দেশ তথা ৰাজ্যত চলি থকা বাল্য বিবাহৰ বিৰুদ্ধে আৰু মহিলা সবলীকৰণৰ সপক্ষে বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত কাৰ্যালয় প্ৰাঙ্গণৰ পৰা অংগনাবাড়ী কৰ্মী, পৰ্যবেক্ষিকা আৰু কাৰ্যালয় কৰ্মচাৰী সকলে এক সজাগতামূলক সমদল উলিয়াই ।
সমান্তৰালকৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিহপুৰীয়াতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু অগনবাগড়ী কৰ্মী, সহায়িকা আৰু কৰ্মচাৰী সকলৰ সহযোগত বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক অগনবাগড়ী কৰ্মী, সহায়িকাই বিহপুৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা বিহপুৰীয়া নগৰৰ মাজ মজিয়াৰে এক বৃহৎ সমদল বাহিৰ কৰে ৷
ইফালে বঙাইগাঁও আৰু ডিব্ৰুগড়ত জিলাতো বাল্য বিবাহৰ বিৰুদ্ধে আৰু মহিলা সবলীকৰণৰ সপক্ষে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷
সততে নাৰীৰ ওপৰত চলি থকা বিভিন্ন ঘটনাসমূহ ৰোধ কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে শোভাযাত্ৰা উলিওৱা হয় ৷
লগতে পঢ়ক : Sex racket in Kalgachia : কলগাছিয়াৰ হোটেলত নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ ৰাইজৰ