গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ পৰা মাত্ৰ তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিবেশন । যদিওবা এই অধিবেশনক বাজেট অধিবেশন বুলি কোৱা হয়, কিন্তু আগন্তুক এপ্ৰিল মাহত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বাবে এই অধিবেশনত চৰকাৰে সাংবিধানিক বিধি অনুসৰি ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে তিনি মাহৰ লেখানুদানহে দাখিল কৰিব ।
অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সদনত দাখিল কৰিব আগন্তুক তিনি মাহৰ লেখানুদান । এপ্ৰিল, মে' আৰু জুন মাহৰ বাবে এই লেখানুদান দাখিল কৰা হ'ব । অধিবেশনৰ প্ৰথম দিনাই সদনত ভাষণ দিব ৰাজ্যপাল জগদীশ মুখীয়ে । আনহাতে এই তিনিদিনীয়া অধিবেশনত কোনো ধৰণৰ বিধেয়ক উত্থাপন কৰা নহ'ব ।
লগতে পঢ়ক:মহাজোঁট বন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে: সৰ্বানন্দ সোণোৱাল