গুৱাহাটী, ২০ মাৰ্চ : আপোনাৰ ম’বাইলটো হেৰালে আপুনি সন্মুখীন হ’বলগীয়া হয় বহু সমস্যাৰ ৷ এই সমস্যা লাঘৱ কৰিবলৈ অসমৰ কেইজনমান যুৱকে নিৰ্মাণ কৰি উলিয়াছে বিশেষ ম’বাইল এপ । এই এপটিৰ সহায়ত ম’বাইল হেৰুৱা বা চুৰি হোৱাৰ পিচত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰত উদ্ধাৰ হ’ব আপোনাৰ ম’বাইলটো (Assamese Youth launched a special mobile app to find lost mobile phones) ।
অসমৰ কেইজনমান যুৱকে নিৰ্মাণ কৰি উলিয়ালে এক বিশেষ ম’বাইল এপ । এপটোৰ যোগেদি যদি ম’বাইল এটা চুৰি হয় বা হেৰাই তেন্তে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত উদ্ধাৰ হ'ব হেৰুৱা ম’বাইলৰ ল’কেচন । এপটোৰ নাম ‘‘RTS- Race To Safety’’ ৷ এই এপটোত আছে ১৮ টাকৈ বিশেষ সুবিধা ।
ম’বাইলটো চাৰ্জত থাকিলেও আনে ম’বাইল স্পৰ্শ কৰিলেই বাজি উঠিব ম’বাইলটোৰ চাইৰেণ ৷ আনকি পকেটৰ পৰা আনে ম’বাইল উলিয়াব খুজিলে বাজিব চাইৰেণ ৷ লগতে পকেটৰ পৰা আন ক’ৰবাৰ পৰা আপোনাৰ ম’বাইল পৰিলে চাইৰেণ বজাৰ লগতে আপুনি দিয়া অলটাৰনেটিভ নম্বৰত যাব মেছেজ ৷
কেৱল সেয়াই নহয় যদি কিবা পাৰ্টিত আপুনি থাকোতে আপোনাৰ ম’বাইল আন কোনোৱে লুকুৱাই থয়, ম’বাইলৰ অৱস্থিতি (Status) বা লোকেচন আদি জানিব বিচাৰে এই সকলোবোৰ আপুনি যিকোনো ম’বাইলেৰে এটা মেছেজ কৰিয়ে জানিব পাৰিব । অসমৰে চাজেদ ৰহমানৰ লগতে বিপ্লৱজ্যোতি আৰু মুস্কান নামৰ তিনিগৰাকী যুৱক-যুৱতীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ এপটো ৷ এই বিশেষ এপটো ইতিমধ্যে প্লে'ষ্টৰত উপলদ্ধ আৰু ইতিমধ্যে ডেৰ লক্ষাধিক লোকে ইয়াক ডাউনলোড কৰিছে ।
কেৱল এয়াই নহয় যদিহে আপোনাৰ ম’বাইলটো চুৰি কৰি কোনোবাই ম’বাইলটো অফ কৰে, তেন্তে অফ কৰা দেখুৱালেও সেইটো অফ নহয় তাৰ পৰিৱৰ্তে আপুনি দিয়া অলটাৰনেটিভ নম্বৰত ফটো, লোকেচন দি থাকিব লগতে নতুন চিম সোমাৱালেও সকলো তথ্য দিব । আনকি বেলেগ ম’বাইলৰ জৰিয়তে আপুনি ঘৰৰ পৰাই অফ কৰি দিব পাৰিব ম’বাইল । লগতে কোনোৱে চফটৱেৰ ইনষ্টল কৰিবলৈ আপোনাৰ ম’বাইলটো ৰিচাৰ্ট কৰিব খুজিলেও নোৱাৰিব ।
লগতে পঢ়ক : Dilapidated National Highway in Kaliabor:কলিয়াবৰত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত দুৰ্বিষহ হৈছে যাতায়ত