গুৱাহাটী, 30 আগষ্ট : অসমবাসীৰ বাবে আহিব এক সুখবৰ ৷ শীঘ্ৰেই গুগলত সংযুক্ত হ’ব অসমীয়া ভাষাৰ ভয়চ কমাণ্ড ৷ ইংৰাজীৰ পৰিৱৰ্তে অসমীয়াত ভয়চ কমাণ্ড দিলেই হ’ব গুগলক ৷ এটা শ্ৰুতলিপিতেই গুগল ব্যৱহাৰকাৰীসকলে লাভ কৰিব নিজৰ উত্তৰ ৷ গুৱাহাটী প্ৰেছ ক্লাৱৰ অতিথি অনুষ্ঠানত এই কথা সদৰী কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ৷
বুধবাৰে আয়োজিত এই অনুষ্ঠানত তেওঁ কয় যে এই সন্দৰ্ভত গুগলৰ শীৰ্ষ বিষয়া সকলৰ সৈতে আলোচনা কৰা হৈছে ৷ শীঘ্ৰেই এই কাম আৰম্ভ কৰিব গুগলে ৷ উপযুক্ত শব্দ ভাণ্ডাৰৰ অভাৱৰ বাবেই গুগলে ইমান দিনে কৰিব পৰা নাছিল এই কাম ৷ গুগলৰ বিভিন্ন এপ্লিকেশ্যনত গৈ সংযোগ কৰিব পাৰিব অসমীয়া ভাষাৰ ভয়ছ কমাণ্ড ৷ অসমৰ বিশিষ্ট ভাষাবিদ সকলৰ সৈতেও কথা হৈছে গুগলৰ কৰ্মচাৰী সকলৰ ৷
তেওঁ কয় যে বিগত পাঁচ মাহ মানৰ আগতেই আৰম্ভ হৈছে এই বিশেষ কাম ৷ শব্দৰ উচ্ছাৰণ আৰু বিশেষত্বৰ ওপৰত গুৰুত্ব দিছে গুগলে ৷ প্ৰকৃত শব্দৰ উচ্ছাৰণ হলেহে গুগলৰ পৰা লাভ কৰিব ভয়চ কমাণ্ডৰ উত্তৰ ৷ গুগলত বিভিন্ন ভাষাত ইতিমধ্যে হৈছে ভয়চ কমাণ্ডৰ ব্যৱস্থা ৷ অসমীয়াত উপযুক্ত শব্দৰ ভাণ্ডাৰ গঠন নোহোৱাৰ বাবে পিচ পৰি আছে ৷ কেনেদৰে শব্দৰ ভাণ্ডাৰ বঢ়াব পৰা যায় সেই বিষয়ে গুগলে আলোচনা কৰিছে ৷
আনহাতে তেওঁ গুৱাহাটী প্ৰেছ ক্লাৱৰ অতিথি অনুষ্ঠানটোত উপস্থিত থাকি তেওঁ আৰক্ষীৰ হৈ থকা সময়ৰ অভিজ্ঞৰ বিষয়ে কোৱাৰ লগতে সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত কিদৰে সাহিত্য সভাৰ কাম-কাজ কৰিছিল সেই বিষয়ে ব্যক্ত কৰি কয়- বৰ্তমান সমাজত আলোচনা, তৰ্ক-বিতৰ্ক কৰিবলৈ মঞ্চ নহোৱা হৈছে ৷ এনে সময়ত এই অনুষ্ঠানটো সময়পযোগী হৈছে ৷ কিয়নো এই অনুষ্ঠানটোলৈ আহি বিভিন্ন ব্যক্তিয়ে নিজৰ নিজৰ মতামত দাঙি ধৰিব পাৰে ৷