ETV Bharat / state

বিদেশত কুশলে আছেনে অসমীয়া !

author img

By

Published : Apr 8, 2020, 4:14 PM IST

বিশ্ব মহামাৰী COVID 19 এ সমগ্ৰ মানৱ জাতিক এফালৰ পৰা ধ্বংস কৰি আনিছে । কি আমেৰিকা, কি চীন, কি ইটালী সকলো যেন এতিয়া মৰিশালীলৈ ৰূপান্তৰিত হৈছে । ভাৰততো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, মৃতকৰ সংখ্যা । এই সময়ত ই টিভি ভাৰতে এক বিনম্ৰ প্ৰয়াস চলাইছে । পৃথিৱীৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সেইসকল অসমীয়া লোকক ই টিভি ভাৰতে বিচাৰি উলিয়াই জানিবলৈ চেষ্টা কৰিছে কি অৱস্থাত তেওঁলোকে এতিয়া পাৰ কৰিব লগীয়া হৈছে আতংকৰে ভৰা প্ৰতিটো মুহূৰ্ত ।

assamese in other country
বিদেশত কুশলে আছেনে অসমীয়া

গুৱাহাটী, ৮ এপ্ৰিল: আজি এই বিশেষ অনুষ্ঠানত আমেৰিকাৰ পৰা আমি লৈ আহিছো এটা ভিডিঅ' । অসমৰ ক্ৰীড়া জগতৰ এটা চিনাকি নাম প্ৰিয়ানা কলিতা । এগৰাকী সুদক্ষ টেনিছ খেলুৱৈ প্ৰিয়ানা । বহুকেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰিয়ানাই সুদক্ষতাৰে খেল প্ৰদৰ্শন কৰাৰ পিছত আমেৰিকাৰ মিয়ামি বিশ্ববিদ্যালয়ৰ পৰা জলপানী লাভ কৰিবলৈ সক্ষম হয় এইগৰাকী অসম কন্যাই । বিগত তিনি বছৰৰ পৰা প্ৰিয়ানা আমেৰিকাৰ অহায়ো প্ৰদেশৰ অক্সফৰ্ড চিটিত বসবাস কৰি আহিছে । সম্প্ৰতি প্ৰিয়ানা উক্ত বিশ্ববিদ্যালয়ত স্পৰ্টচ মেনেজমেণ্ট বিভাগৰ ছাত্ৰী । মিয়ামি বিশ্ববিদ্যালয়ৰ হৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে টেনিছ খেলি অহা প্ৰিয়ানাক স্পনচৰ কৰিছে "এডিডাছ" এ ।

এইগৰাকী অসম কন্যা, সুদক্ষ খেলুৱৈয়ে এতিয়া প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলগীয়া হৈছে নিজৰ এপাৰ্টমেন্টত । কিয়নো সমগ্ৰ আমেৰিকা এতিয়া মৃত্যু উপত্যকা । সুদীৰ্ঘ সময়জুৰি দেশখনত চলিছে লক ডাউন । কেনেকৈ আছে প্ৰিয়ানা কলিতা ? চাওক জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে ই টিভি ভাৰতৰ বিশেষ অনুষ্ঠান - "বিদেশত কুশলে আছেনে অসমীয়া" ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.