ETV Bharat / state

যুক্তৰাষ্ট্ৰত অসমকন্যা প্ৰিয়ানাৰ আন এক সাফল্য - Priyana Kalita selected for PhD course

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমকন্যা(Assamese girl shines internationally) । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাই এশ শতাংশ স্ক'লাৰশ্বিপৰ সৈতে স্পৰ্টছ মেনেজমেন্ট বিষয়ক পি এইচ ডি পাঠক্ৰমৰ বাবে বাচনি কৰা হৈছে সুদক্ষ টেনিচ খেলুৱৈ অসমকন্যা প্ৰিয়ানা কলিতাক ।

priyana success usa
যুক্তৰাষ্ট্ৰত অসমকন্যা প্ৰিয়ানাৰ আন এক সাফল্য
author img

By

Published : Apr 23, 2022, 1:37 PM IST

গুৱাহাটী,২৩ এপ্ৰিল: সুদক্ষ টেনিচ খেলুৱৈ অসমকন্যা প্ৰিয়ানা কলিতাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাই এশ শতাংশ স্ক'লাৰশ্বিপৰ সৈতে স্পৰ্টছ মেনেজমেন্ট বিষয়ক পি এইচ ডি পাঠক্ৰমৰ বাবে বাচনি কৰিছে । সম্প্ৰতি আমেৰিকাৰ ফ্ল'ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ স্পৰ্টছ মেনেজমেন্টৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী প্ৰিয়ানা কলিতা কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰে এগৰাকী উদীয়মান টেনিচ খেলুৱৈ(Priyana Kalita selected for PhD course) ।

এডিডাছকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংস্থাই প্ৰিয়ানাৰ টেনিছৰ এই যাত্ৰাত স্পনছৰ কৰি উৎসাহ যোগায় আহিছে । টেনিচ ক্ষেত্ৰত প্ৰিয়ানাৰ দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমেৰিকাৰ মিয়ামি বিশ্ববিদ্যালয়ে তেওঁক স্পৰ্টছ লিডাৰশ্বিপ এণ্ড মেনেজমেন্ট পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ এশ শতাংশ স্ক'লাৰশ্বিপসহ এক সুযোগ আগবঢ়াই আৰু সেই অনুসৰিয়েই এইগৰাকী উদীয়মান টেনিচ তাৰকাই ২০২১ বৰ্ষত উক্ত পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰে মিয়ামি বিশ্ববিদ্যালয়ৰ পৰা ।

সেই সময়ত মিয়ামি বিশ্ববিদ্যালয়ৰ মহিলা টেনিচ দলৰ হৈও প্ৰিয়ানাই অংশ গ্ৰহণ কৰে আৰু সুদীৰ্ঘ সময় বিৰতিৰ অন্তত মিয়ামি বিশ্ববিদ্যালয়ৰ দলটোৱে অল আমেৰিকান মেক ইউনিভাৰ্চিটি ‌চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈও‌ সক্ষম হয় । টেনিচৰ ক্ষেত্ৰখনত প্ৰদৰ্শন কৰা এনেবিলাক সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাই তেওঁক স্পৰ্টছ মেনেজমেন্টৰ বিষয়ত পি এইচ ডি কৰিবলৈ বাচনি কৰে ।

বিশ্ব বিখ্যাত স্পৰ্টছ মেনেজমেন্টৰ অধ্যাপক ডঃ জৰ্জ কানিংহামৰ তত্বাৱধানত প্ৰিয়ানাই তেওঁৰ পি এইচ ডি সম্পূৰ্ণ কৰিব । প্ৰিয়ানাই হৈছে স্পৰ্টছ মেনেজমেন্টৰ বিষয়ত পি এইচ ডিৰ সুযোগ পোৱা উত্তৰ পূৱ ভাৰতৰ প্ৰথম মহিলা টেনিচ খেলুৱৈ । ২০১৭ চনৰ পৰাই শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আমেৰিকাত বসতি কৰা গুৱাহাটীৰ খানাপাৰাৰ গৌতম কলিতা আৰু নীতা কলিতাৰ কন্যা প্ৰিয়ানা অসমৰ টেনিচ জগতখনৰ এক চিনাকী নাম ।

২০১১ চনৰ পৰা ২০১৭ চনলৈ প্ৰিয়ানাই ৰাজ্যিক পৰ্যায়ত ১৮ বাৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৬ বাৰ চেম্পিয়নৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি সেই সময়চোৱাত কেইবাখনো দেশত বিভিন্ন প্ৰতিযোগিতাতো ভাগ লৈ যথেষ্ঠ উচ্চ মানৰ খেল প্ৰদৰ্শন কৰিছিল এইগৰাকী অসম কন্যাই ।

লগতে পঢ়ক: তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.