ETV Bharat / state

মেঘালয়ৰ পৰা খোজকাঢ়ি দৰং, ওদালগুৰিলৈ অসমৰ ৮ শ্ৰমিক

লক ডাউন উলংঘা কৰি নিজ ঘৰ অভিমুখে উলাই আহিল একাংশ শ্ৰমিক ৷ মেঘালয়ৰ চিমেটত থকা দৰং আৰু ওদালগুৰি জিলাৰ ৮ শ্ৰমিকে ঘৰলৈ যোৱাৰ বাবে খোজকাঢ়িয়েই আৰম্ভ কৰিলে যাত্ৰা ৷

মেঘালয়ৰ পৰা খোজকাঢ়ি দৰং, ওদালগুৰিলৈ অসমৰ ৮ শ্ৰমিক
মেঘালয়ৰ পৰা খোজকাঢ়ি দৰং, ওদালগুৰিলৈ অসমৰ ৮ শ্ৰমিক
author img

By

Published : Apr 27, 2020, 3:51 PM IST

গুৱাহাটী, 27 এপ্ৰিলঃ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ পৰা খাদ্য সংকটৰ সম্মুখীন হোৱা বাবে দৰং আৰু ওদালগুৰি লৈ যোৱাৰ বাবে খোজকাঢ়ি ওলাল অসমৰ ৮ গৰাকী শ্ৰমিক । মেঘালয়ত কৰ্মৰত অসমৰ শ্রমিকসকলে জানিবলৈ দিয়ে যে লক-ডাউনৰ ফলক খাদ্য সংকট হোৱা বাবে মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ চিমেট নামৰ ঠাইৰ পৰা ৮ জন শ্ৰমিক ভোকে পিয়াহে খোজকাঢ়ি আহি যোৰাবাটত উপস্থিত হয়। সুদীৰ্ঘ তিনি দিন ধৰি এনেদৰে খোজ কাঢ়ি আহি যোৰাবাটত উপস্থিত হোৱা শ্ৰমিক কেইজনৰ ঘৰ দৰং আৰু ওদালগুৰিৰ বুলি জানিব পৰা গৈছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শ্ৰমিক কেইজনে খাদ্যৰ অভাৱত এনেদৰে খোজ কাঢ়ি অহা বুলি জনিবলৈ দিয়ে ।

মেঘালয়ৰ পৰা খোজকাঢ়ি দৰং, ওদালগুৰিলৈ অসমৰ ৮ শ্ৰমিক

ইফালে ৩০০ কিলোমিটাৰ খোজকাঢ়ি আহি যোৰাবাটত উপস্থিত হোৱা শ্ৰমিক কেইজনক যোৰাবাট আৰক্ষীয়ে নিজ নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি শ্ৰমিক কেইজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.