গুৱাহাটী, ১৭ জুন : ৰাজ্যৰ ক'ভিড পৰিস্থিতি(COVID SITUATION) ক্ৰমাৎ কিছু উন্নতি হৈছে যদিও বহু জিলাত আক্ৰান্তৰ হাৰ এতিয়াও চিন্তনীয় হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত জিলা বিশেষে ক'ভিড নিৰ্দেশনা এতিয়াও শিথিল কৰা হোৱা নাই ।
বিগত কিছুদিন ধৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২-৩ শতাংশৰ ভিতৰত উঠা-নমা কৰি আছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ক'ভিড আক্ৰান্তৰ হাৰ আছিল ২.৬০ শতাংশ । এই সময়চোৱাত ৰাজ্যজুৰি ১,৩০,০৫৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩৩৮৬ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।
আনহাতে, ক'ভিড(COVID-19)ত মৃত্যু হয় ৩৬ গৰাকী লোকৰ । আক্ৰান্তৰ শীৰ্ষত আছে শোণিতপুৰ, তিনিচুকীয়া, কাছাৰ আৰু যোৰহাট জিলা । চৰকাৰী তথ্য মতে, গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা কিছু কমিছে যদিও গ্ৰামাঞ্চলত হ্ৰাস পোৱা নাই সংক্ৰমণ । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ হৈছে ৯০.৭০ শতাংশ ।
বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৰাজ্যৰ ৪,৮৮১ গৰাকী লোকে । বৰ্তমান বিভিন্ন চিকিৎসালয়-ক'ভিড কেয়াৰ কেন্দ্ৰ আৰু হোম আইছ'লেছনত আছে ৩৮,৩০৬ গৰাকী ৰোগী । এতিয়ালৈকে ক'ভিডত প্ৰাণ গৈছে ৰাজ্যৰ ৪,০৬৪ গৰাকী লোকৰ ।
ইফালে, ৰাজ্যখনৰ ৪৯,৯৮,১৩৯ গৰাকী লোকক এতিয়ালৈকে ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৪০,১৮,০১২ গৰাকী লোকক প্ৰথম পালি আৰু ৯,৮০,১২৭ গৰাকী লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । বিগত ২৪ ঘণ্টাত ৪৫,৮০০ গৰাকী লোকে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ।
লক্ষণীয় বিষয় যে, দৈনিক ৩ লাখ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ কথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে দুই হাজাৰ টীম সাজু কৰাৰ কথাও সদৰী কৰিছিল । কিন্তু বাস্তৱত সেয়া এতিয়াও সম্ভৱ হৈ উঠা নাই ।
এতিয়াও দৈনিক এক লাখ লোকক প্ৰতিষেধক দিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগ । আনহাতে, চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমান মজুত আছে ৪,৮২,৩২০ পালি প্ৰতিষেধক । ইয়াৰে ২,৩৪,০৬০ পালি ৪৫ বছৰৰ উৰ্দ্ধৰ বাবে আৰু ২,৪৮,২৬০ পালি ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে ।