পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি-
1. ধিঙত বিশেষভাৱে সক্ষম শিশুক আক্ৰমণ
নগাঁও জিলাৰ ধিঙৰ শালকাটি পথাৰত শুক্ৰবাৰে সংঘটিত হয় এক অমানৱীয় ঘটনা । বিশেষভাৱে সক্ষম এটি শিশুক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আব্দুল হামিদ নামৰ এজন বয়োজেষ্ঠ লোকে ।
2. বাঘজানৰ ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক
ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰক লৈ শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত নৱ নিযুক্ত জিলা উপায়ুক্ত, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া সৈতে বাঘজানবাসী ৰাইজৰ ত্ৰিপাক্ষিক বৈঠক ৷
3. পিস্তল দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি
মিছাজান ধাদুমীয়া গাঁৱত ব্যৱসায়ীক গুলীয়াই মৰাৰ ভাবুকি ৷ ব্যৱসায়িক সংঘাতৰ কাৰণে উক্ত ঘটনা সংঘটিত হৈছে । ঘটনা সন্দৰ্ভত হোজাইৰ নীলবাগানৰ হবিবুৰ ৰহমানে ধাদুমীয়া গাঁৱৰ মবিদুল আলীৰ বিৰুদ্ধে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
4. অসম জাতীয় পৰিষদৰ ভৱিষ্যৎ সম্পৰ্কে ৰাণা প্ৰতাপ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ
‘‘অসম জাতীয় পৰিষদ এতিয়া এটা পুলিহে । বৃক্ষ হ’বলৈ এতিয়াও সময় আছে । ৰাইজৰ মাজলৈ যাব লাগিব যাতে অসমৰ ৰাইজে দলটোক আস্থাত লয়’’ - ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱাৰ ৷
দুষ্প্ৰাপ্য বনৰৌ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । বন্যপ্ৰাণী সৰবৰাহকাৰী ক্ৰমে নিৰঞ্জন মণ্ডল, দ্বীপন মালাকাৰ আৰু চিমৰণ চুলতান। ইয়াৰে ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত কৰা স্বাস্থ্য পৰীক্ষাত চিমৰণৰ দেহত ক’ভিড উপস্থিতি ধৰা পৰাত চিমৰণক চিকিৎসা ব্যৱস্থা কৰাৰ বিপৰীতে আনদুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ ।
6. সাংসদ,সংবাদ দাতাৰ বাবে বাধ্যতামূলক দৈনিক এন্টিজেন টেষ্ট
সংসদ ভৱনত সাংসদ, সংবাদদাতা আৰু অন্যান্য কৰ্মচাৰীৰ মাজত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰট'কল অনুসৰি সংবাদদাতা,সংসদ কৰ্মচাৰীসকলে প্ৰতিদিনে বাধ্যতামূলক এন্টিজেন টেষ্ট কৰিব লাগিব ৷
7. আৰক্ষীয়ে লৈ যোৱা তিনি পুত্ৰ উভতি অহালৈ বাট চাই থকা এজন পিতৃ
পুত্ৰ ইৰফান আহমেদ ডৰক জন্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত থকা অৱস্থাতেই হত্যা কৰে বুলি অভিযোগ উত্থাপিত কৰাৰ পাছতেই প্ৰতিবাদৰ সুত্ৰপাত হৈছিল এলেকাটোত ৷ তাৰ ঠিক কেইদিনমান পাছতেই বাটমালুত সংঘটিত হৈছে আন এক ঘটনা৷ অঞ্চলটোত সম্পূৰ্নৰূপে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷
8. পুৱাই বাতৰিকাকত বিলাবলৈ ওলোৱা কিশোৰীজনীৰ কথাৰে..
আলফিয়াৰ প্ৰতিটো দিনৰ আৰম্ভণি হয় যেতিয়া আলফিয়াৰ পিতৃ অংশই কোথামংগলমৰ পৰা অনা বাতৰিকাকতসমূহ আলিফাৰ হাতত তুলি দিয়ে ৷ বাতৰিকাকতৰ টোপোলাটো নিজৰ চাইকেলৰ বাস্কেটত লৈ আলফিয়াই নেল্লিকুজি চাৰিপদীৰ পৰা ঈৰামুল্লুৰ অম্বাদিনগৰলৈকে বিতৰণ কৰে ৷
9. ধুবুৰীত পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ অভিযোগ
বিভিন্ন ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে যেন এতিয়া দুৰ্নীতি বন্ধ কৰিবলৈ একপ্ৰকাৰ ব্যৰ্থ হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা খনত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে বিয়াগোম দুৰ্নীতি । ধুবুৰী জিলা গড়কপ্তানি পথ সংমণ্ডলৰ এটা কোটি টকীয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যপক অনিয়ম দুৰ্নীতিৰ সংঘটিত হৈ অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে ।
10. জম্মু-কাশ্মীৰ: শ্ৰীনগৰত L-G,DGPৰে সাক্ষাৎ সুৰেশ ৰাইনাৰ
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ এমাহৰ পাচতে জম্মু-কাশ্মীৰত উপস্থিত হয় বাওঁহতীয়া অল-ৰাউণ্ডাৰ সুৰেশ ৰাইনা ৷ শুকুৰবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহা আৰু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ সৈতে সাক্ষাৎ কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ ৰাজ্যখনত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উপস্থিত হয় ৰাইনা ৷