ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

চাঁওক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Sep 13, 2020, 1:24 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

1. ৰাজ্যৰ পৃথক স্থানত চোৰৰ চাফাই অভিযান

শনিবাৰে নিশা ৰাজ্যৰ দুই পৃথক স্থানত চোৰে চলালে চাফাই অভিযান ৷ হাইলাকান্দিৰ নৃপেন্দ্ৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় বহু মূল্যৱান সা-সামগ্ৰী ৷ ইফালে নলবাৰীৰো এটা ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত এগৰাকী সাংবাদিকৰ ঘৰত চোৰে নিশা অভিযান চলাই লৈ যায় সোণৰ গহণাকে ধৰি অন্যান্য সা-সামগ্ৰী ৷

2. লখিমপুৰৰ শ্বহীদ ভৱনত আৱেগিক পৰিৱেশ

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে আছুৰ মজিয়াৰ পৰা কৰিলে পদত্যাগ ৷ সুদীৰ্ঘ 22 বছৰে এক শক্তিশালী ৰূপত আছুক নেতৃত্ব দি আহিছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে ৷ ইয়াৰ উপৰি বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি কা আন্দোলনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল নেতাগৰাকী ৷

3. এক আৱেগিক পৰিৱেশৰ মাজেৰে আছু এৰিলে চিত্ৰৰঞ্জন বসুমতাৰীয়ে

২০২১ চনৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ দিশে আগবাঢ়িছে বহু সংখ্যক জাতীয়তাবাদী নেতা ৷ শনিবাৰে আছুৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ জনপ্ৰিয় নেতাগৰাকীৰ বিদায় বেলাত উচুপি উঠিল ছাত্ৰ সন্থাৰ সতীৰ্থসকল ৷

4. মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ অনিয়মক লৈ বটদ্ৰৱাত প্ৰতিবাদ

বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড বিষয়াই বৰ্তমানৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম চৌধুৰীক লগত লৈ বিদ্যালয়ত উপস্থিত হৈ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰি থকা অৱস্থাতেই এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় । ইপিনে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া জনে নিজৰ মইমতালিৰে বিদ্যালয় খন পৰিচালনা কৰি অহাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

5. ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা

ধেমাজি জিলাৰ চিলাপথাৰৰ আৰক্ষী থানাৰ অধীনৰ অসম - অৰুণাচল সীমান্তৰ লিকাবালিৰ মাজগাঁও আৰু কুলাজান অঞ্চলত আবকাৰী বিভাগৰ এটা দলে অতৰ্কিতে চলায় এক অভিযান ৷ অভিযানত জব্দ কৰা হয় বহু পৰিমাণৰ অৰুণাচলী সুৰা ৷

6. অক্টোবৰৰ পৰা পুনৰ খুলিব উত্তৰ-পূৱৰ ক’ল ইণ্ডিয়া: ৰামেশ্বৰ তেলী

তিনিমাহ ধৰি উত্তৰ-পূৱত ব্যাহত হৈ আছে কয়লা ক্ষেত্ৰ ক’ল ইণ্ডিয়াৰ উৎপাদন । এই প্ৰসংগত ৰাজধানী দিল্লীত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাক্ষাৎ কৰিছিল কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ অন্তত তেলীয়ে জনালে, অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ক’ল ইণ্ডিয়াৰ উৎপাদন ৷

7. ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ

ভাৰতৰ ক’ভিড-19ত আক্ৰান্তৰ শেহতীয়া তথ্য...

8. প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহাৱসান ৷ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী ৷

9. একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

টিংখাঙৰ পুৰণি শ’লগুৰিৰ এটা জৰাজীৰ্ণ পথ ৷ শ’লগুৰি হাটীআলিৰ এই পথটোত বিগত 60টা বছৰে নপৰিল এটাও শিলগুটি । একাঁঠু পৰ্যন্ত বোকা-পানীৰে ভৰি থকা এই পথেৰেই অঞ্চলবাসীয়ে কৰিবলগীয়া হয় দৈনিক অহা-যোৱা ৷

10. 3 জনগোষ্ঠীক স্বায়ত্ব শাষিত পৰিষদ ঘোষণাক আদৰণি মটক ছাত্ৰ সন্থাৰ

দেওবাৰে কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন ৷ ৰাজ্য চৰকাৰে কৰা অসমৰ তিনি জনগোষ্ঠী মৰাণ, মটক আৰু কোচ-ৰাজবংশীক স্বায়ত্ব শাষিত পৰিষদ ঘোষণাক আদৰণি জনোৱাৰ লগতে চৰকাৰক শেহতীয়া সমস্যাসমূহ সমাধানৰ দাবী জনায় সংগঠনটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.