ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

চাঁওক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Sep 13, 2020, 10:59 AM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. আলফাক উভতি ধৰিলে বৰাকৰ ছাত্ৰ সংগঠনে

কৰ’ণা মহামাৰীৰ বাবে এইবেলি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন পূজা কমিটিয়ে ৷ পূৰ্বৰ তুলনাত এইবেলি ৰাজ্যৰ কোনো পূজা মণ্ডপত নাথাকিব জাকজমকতা নাইবা আড়ম্বৰপূৰ্ণতা ৷

2. অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

শুকুৰবাৰৰ পৰা মিজোৰাম অভিমুখে যোৱা সকলো ধৰণৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়ে শিলচৰ ট্ৰাক চালক সন্থাই ৷ সন্থাৰ দাবী, মিজোৰাম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰি দীৰ্ঘদিনে হৈ থকা হাৰাশাস্তি ৰোধ নকৰিলে তথা কোৱাৰেণ্টাইন কেন্দ্ৰত আৱদ্ধ চালকসকলক শীঘ্ৰে মুকলি কৰি নিদিলে অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল ৷

3. মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনাই

আজি বিয়লি 4.30 বজাত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক সাক্ষাৎ কৰিব অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ শিৱসেনাৰ সৈতে চলি থকা মতানক্যক লৈ বৈঠকত মিলিত হ’ব কংগনা আৰু ৰাজ্যপাল গৰাকী ৷

4. যুৱকৰ বিৰুদ্ধে কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰৰ অভিযোগ

পুনৰ খবৰৰ চৰ্চাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ চিকিৎসালয় খনত কৰ্তব্যৰত এগৰাকী চিকিৎসকক এগৰাকী যুৱকে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ঈষাণজ্যোতি শইকীয়া নামৰ যুৱকজনক ৷

5. সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন অনুপস্থিত থাকিব ছোনিয়া, ৰাহুল

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন সংসদত অনুপস্থিত থাকিব ছোনিয়া, ৰাহুল ৷ স্বাস্থ্য়জনিত কাৰণত বিদেশলৈ উৰা মাৰিবলগা হৈছে ছোনিয়া ৷ তেওঁৰ সৈতে গৈছে পুত্ৰ ৰাহুল গান্ধী ৷

6. কৰ’ণামুক্ত হোৱাৰ এসপ্তাহ পাছতে পুনৰ এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

শনিবাৰে পুনৰ দিল্লী এইমছত ভৰ্তি হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাস-প্ৰশ্বাসজনিত কাৰণত ভৰ্তি কৰোৱা হয় শ্বাহক ৷ এইমছৰ নিৰ্দেশক ড৹ ৰণদ্বীপ গুলেৰিয়াৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে গৃহমন্ত্ৰী গৰাকী ৷

7. আৰ্থিকভাৱে জুৰুলা ৰিংকুৰ পৰিয়ালে বিচাৰিলে স্বাস্থ্যমন্ত্ৰীৰ সহায়

দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ কিডনীত পাথৰৰ উপস্থিতি পোৱা গৈছিল ৷ যাৰ পৰিপ্ৰক্ষিতত ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে বিক্ৰী কৰিবলৈ বাধ্য হয় ঘৰৰ সকলো সা-সম্পত্তি ৷ কিন্তু তথাপিও সুস্থ হৈ নুঠিল ৰিংকু ৷

8. পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছেঃমনোজ গগৈ

কা বিৰোধী আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰে যুটীয়া সংগ্ৰামত অংশগ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এতিয়া অখিল গগৈৰ বিৰুদ্ধে চাংমায়ে কৰা মন্তব্য সমৰ্থন যোগ্য নহয় । বিজেপিৰে অশুভ মিত্ৰতা কৰি নিজৰ পত্নীক চৰকাৰী চাকৰিত নিযুক্তি দি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছে ।

9. ৰোগাক্ৰান্ত কণমানি ধৃতিষ্মানক সহায়ৰ প্ৰয়োজন

ধাৰাপুৰৰ কোচপাৰাৰ ধৃতিষ্মান ৰাজবংশী নামৰ এটি শিশু জটিল ৰোগত আক্ৰান্ত ৷ বিগত 6 মাহ ধৰি শয্যাগত হৈ আছে ধৃতিষ্মান ৷ ধৃতিষ্মানৰ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ সহায়ৰ প্ৰয়োজন ৷ মাতৃহাৰা ধৃতিষ্মানৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি চৰকাৰক কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া আইতাকে ৷

10. বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অগপ

বিগত শনিবাৰে টুপামাৰীত কংগ্ৰেছৰ এক দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকি অগপৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ সেয়ে বিধায়িকাগৰাকীৰ বিৰুদ্ধে এতিয়া সমালোচনা মুখৰ হৈ পৰিছে অগপ দলটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.