ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

চাওক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

মুখ্য দহটা বাতৰি
মুখ্য দহটা বাতৰি
author img

By

Published : Aug 10, 2020, 11:16 AM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ

দেওবাৰে দিনত এটা বনৰীয়া ম'হ একাংশ দুস্কৃতিকাৰীয়ে নিজৰ ম'হ বুলি ভৰি বান্ধি নাৱৰে আনি বিক্ৰী কৰি দিয়ে এজন লোকক । বেপাৰীয়ে পৰৱৰ্তী সময়ত ম'হটো বনৰীয়া বুলি জানিব পাৰি সন্ধিয়া পুনৰ চাপৰিটোত এৰি পলায়ন কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ বিষয়া কৰ্মচাৰী নিশাই চাপৰিত উপস্থিত হয় ৷

2. আজি ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তাহ

ৰাজনাথ সিঙে 2024 চন পৰ্যন্ত পাতল যুদ্ধ বিমান,পৰিবহন বিমান,চাবমেৰিণ,ক্ৰুজৰ লগতে 101 ধৰণৰ অস্ত্ৰ আৰু সামৰিক সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷

3. আজি চাবমেৰিন কেবল ছিষ্টেম উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে চেন্নাই-আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উদ্ধোধন কৰিব চাবমেৰিন কেবল ছিষ্টেম ৷ এই প্ৰকল্পৰ জৰিয়তে চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ আৰু অন্য সাতটা দ্বীপত উন্নতমানৰ যোগাযোগৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে ৷

4. সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

আৰক্ষীৰ জালত সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ নিশা সাংবাদিকগৰাকীৰ কাৰ্যালয়তে এডাল কেবলেৰে ডিঙিত মোৰিয়াই হত্যা কৰিছিল এগৰাকী যুৱতীয়ে ৷ ঘটনাৰ 24 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱতীগৰাকীক ৷

5. সদনৰ মজিয়াত একতা দেখুৱাবলৈ বিধায়কসকলক আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত 14 আগষ্টৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ সত্ৰ অধিবেশন ৷ এই অধিবেশনত গেহলট চৰকাৰে আস্থা ভোট প্ৰদৰ্শন কৰিব ৷

6. ৱাছিংটন ডিচিত গুলিয়াগুলি,এজনৰ মৃত্যু, 20 জন আঘাতপ্ৰাপ্ত

দেওবাৰে ৱাছিংটন ডিচিত অনুষ্ঠিত হোৱা এক বৃহৎ মুকলিমুৰীয়া পাৰ্টীত গুলিয়াগুলিযোগে এক বিবাদৰ সূত্ৰপাত হৈ এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে এগৰাকী মহিলা অফ ডিউটী বিষয়াসহ 20 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷

7. নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

কহৰা ৰেঞ্জত এটা গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাছত বন কৰ্মীয়ে অভিযান চলায় । এই অভিযানত বনকৰ্মীৰ এটা দলে এখন টুলুঙা নাৱত উঠি ঘূৰি অহাৰ সময় এটা সূঁতিত নাওখন হঠাৎ ডুবি যায় আৰু বনকৰ্মী কেইজন পানীৰ সোঁতত উটি যায় ।

8. ত্ৰিপুৰা খোৱাইত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তপ্ত পৰিস্থিতি

দেওবাৰে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ত্ৰিপুৰাৰ খোৱাই জিলাত ৷ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ ৷

9. যোৰহাট অগ্নিকাণ্ডৰ বুজ ল'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে

সোমবাৰে যোৰহাটৰ অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাস্থলী পৰ্যবেক্ষণ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ৷ দেওবাৰে নিশা যোৰহাট চহৰৰ এ টি ৰোডৰ সমীপৰ মাৰোৱাৰী পট্ৰীৰ নিবাসী গোপাল সিংঘি নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ বৈদ্যুতিক বিসংগতিৰ বাবে সংঘটিত হোৱা অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় । লগতে মৃত্যু হয় দুগৰাকী সদস্যৰ ৷

10. জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি হোৱা নাই : অতুল বৰা

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰাৰ কথা সংবাদ মেলযোগে ঘোষণা কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই ৷ তাৰ পাচতেই এই বিষয়ক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলিছে ৷ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ কৰিব বিচৰা সম্পৰ্কে কোনো ৰাজনীতি নাই বুলি সদৰী কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.