ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি - Assam Top10 news

চাওক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
1 বজাৰ মুখ্য দহটা বাতৰি
author img

By

Published : Aug 10, 2020, 12:51 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

1. মাজবাটত আৰক্ষীৰ অভিযানত জব্দ হস্তনিৰ্মিত অস্ত্ৰ

দেওবাৰে নিশা প্ৰায় 2 বজাত মাজবাট আৰক্ষীয়ে চলোৱা এক অভিযানত,মাজবাটৰ ধনশিৰি চাহ বাগিছাৰ 10 নং বস্তি অঞ্চলৰ এগৰাকী লোকৰ বাসগৃহৰ পৰা জব্দ কৰে কেইবাটাও হস্তনিৰ্মিত অস্ত্ৰ ৷

2. ঐতিহাসিক পাটকাই পাহাৰত চ্যাও চেং ৰেং নিৰ্মাণৰ লাইখুঁটা স্থাপন

দেওবাৰে জয়পুৰ টিপাম টিলাত স্থাপন কৰা হয় ‘চ্যাও চেং ৰেং’ নিৰ্মাণৰ লাইখুঁটা ৷ উল্লেখ্য যে,এই টিপাম টিলাৰ পৰাই 600 বছৰ গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ সোণালী যুগে পাতনি মেলিছিল ।

3. নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

নগাঁৱৰ মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান । ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰেৰণ কৰা সন্মান প্ৰদান কৰে জিলা প্ৰশাসনে । দেওবাৰে সন্দিয়া নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া সমৰ কলিতাৰ উপস্থিতিত প্ৰদান কৰা হয় এই সন্মান ৷

4. বিচ্ছিন্ন পথে জীয়াতু ভোগাইছে কাছাৰৰ তাপাং জিপিৰ চামৰকোনাবাসীক

কাছাৰ জিলাৰ তাপাং জিপিৰ চামৰকোনাত কিছুদিন পূৰ্বে চামৰকোনা এল পি স্কুল সংলগ্ন পথটো বিচ্ছিন্ন হোৱাৰ ফলত এতিয়া বিপাঙত পৰিছে অঞ্চলবাসী ৷

5. বনকৰ্মী বনাম বনমাফিয়াঃ চোকা অস্ত্ৰৰে আক্ৰমণ বনকৰ্মীক

অবৈধ চেগুন কাঠ ভৰ্তী টাটা মোবাইল জব্দ কৰাৰ সময়তেই তিনি ভাতৃ তথা কুখ্যাত বন মাফিয়াই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লৈ যায় কাঠ ভৰ্তি ট্ৰাকখন ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

6. টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ

দেওবাৰে দিনত এটা বনৰীয়া ম'হ একাংশ দুস্কৃতিকাৰীয়ে নিজৰ ম'হ বুলি ভৰি বান্ধি নাৱৰে আনি বিক্ৰী কৰি দিয়ে এজন লোকক । বেপাৰীয়ে পৰৱৰ্তী সময়ত ম'হটো বনৰীয়া বুলি জানিব পাৰি সন্ধিয়া পুনৰ চাপৰিটোত এৰি পলায়ন কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ বিষয়া কৰ্মচাৰী নিশাই চাপৰিত উপস্থিত হয় ৷

7. হিন্দু,মুছলিম সকলোৱে বিচাৰিছে জনসংখ্যা নিয়ন্ত্ৰণ আইনঃ বিজেপি সাংসদ

শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন শীঘ্ৰে বলবৎ কৰিবলৈ প্ৰধানমন্ত্ৰীক পত্ৰযোগে আহ্বান জনালে বিজেপি সাংসদ অনিল আগৰৱালে ৷ শীঘ্ৰে এই আইন বলবৎ নকৰিলে দেশে ভয়াৱহ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

8. ৰাজস্থানত উদ্ধাৰ পাকিস্তানী হিন্দু পৰিয়ালৰ এঘাৰজন লোকৰ মৃতদেহ

যোধপুৰৰ সাংসদ আৰু কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে গেহলট চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰৰ কৰ্মদক্ষতাক প্ৰশ্ন তুলে ৷ আনহাতে শ্ৰীমত লোক সংগঠনৰ অধ্যক্ষ হিন্দু সিং ছৌধাই এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ৷

9. নভী মুম্বাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

সোমবাৰে সীমা শুল্ক বিভাগ আৰু মুম্বাই আৰক্ষীৰ যৌথ অভিযানত নভী মুম্বাইস্থিত নাভা শেৱা বন্দৰত জব্দ হয় 1000 কোটি টকাৰ 191 কিলোগ্ৰাম ড্ৰাগছ ৷ ঘটনা সন্দৰ্ভত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

10. ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হংকঙৰ মিডিয়া টাইকুন

আৰক্ষীৰ দলটোৱে লাই মিডিয়াৰ অন্য কেইবাজনো লোকক সোধ পোছৰ বাবে আটক কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.