ETV Bharat / state

Ripun Bora slams PM: প্ৰধানমন্ত্রীৰ ভাষণত প্ৰতিফলিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা উদাসীনতা; ৰিপুন বৰা - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুন বৰাৰ । অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বক্তব্যই দেশবাসীক হতাশ কৰিলে । দুই ঘণ্টা তেৰ মিনিট সময়ৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ে ক'লে মাত্ৰ চাৰি মিনিট ।

Ripun Bora slams PM
Ripun Bora slams PM
author img

By

Published : Aug 11, 2023, 5:52 PM IST

প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰিপুন বৰাৰ

গুৱাহাটী, ১১ আগষ্ট: লোকসভাত অনাস্থা প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত বিজেপিৰ মণিপুৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা উদাসীন দৃষ্টিভংগী প্ৰতিফলিত হ'ল । এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুন বৰাৰ । শুকুৰবাৰে অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটীৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰিপুন বৰাই এইদৰে কয় ।

তেওঁ কয় যে মণিপুৰৰ ঘটনাৰ বাবেহে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছিল । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বক্তব্যই দেশবাসীক হতাশ কৰিলে । লগতে মণিপুৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ উদাসীন দৃষ্টিভংগী প্ৰতিফলিত হ'ল ।

প্ৰধানমন্ত্ৰী মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে প্ৰায় দুই ঘণ্টা তেৰ মিনিট সময় ভাষণ ৰাখিছিল যদিও মণিপুৰৰ বিষয়ে মাত্ৰ চাৰি মিনিট সময় ক'লে । প্ৰধানমন্ত্ৰীয়ে অতি সাধাৰণভাৱে মণিপুৰৰ প্ৰসংগত চাৰি মিনিট সময় ক'লে । প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ঘটনাটো জম্মু-কাশ্মীৰ, ৰাজস্থান, ছত্তিছগড় আৰু পশ্চিমবংগৰ লগত তুলনা কৰি একেবাৰে লাঘব কৰিলে বুলি তেওঁ অভিযোগ কৰে ।

মণিপুৰৰ ঘটনাৰ ভয়াৱহতা উল্লেখ কৰি তেওঁ কয় যে মণিপুৰত এতিয়ালৈকে শেহতীয়া ঘটনা সন্দৰ্ভত ৬৫০০ এজাহাৰ দাখিল হৈছে । তদুপৰি ৪০০০ হাজাৰ মানুহৰ ঘৰ জ্বলোৱা হৈছে, ১৫০ জন মানুহৰ মৃত্যু হৈছে আৰু বহু নিখোজ হৈ আছে, ৬০ হাজাৰ মানুহ গৃহহীন হৈছে, তিনি শতাধিক ধৰ্মীয় অনুষ্ঠান ভাঙি পেলোৱা হৈছে, ৫ হাজাৰ অস্ত্ৰ আৰু ৫ লাখ গুলী থানাৰ পৰা লুটি নিয়া হৈছে ।

ইমান ভয়াৱহ পৰিস্থিতিৰ পাচতো মণিপুৰৰ ঘটনাক প্ৰধানমন্ত্ৰীয়ে অলপো গুৰুত্ব নিদিয়া কাৰ্যক তৃণমূল কংগ্ৰেছে ধিক্কাৰ দিছে বুলি সদৰী কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক বিশ্বাসঘাটকতা কৰিছে । মণিপুৰৰ ঘটনাৰ আঁৰত কেন্দ্ৰৰ কিবা এজেণ্ডা আছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে । তেওঁ লগতে কয় যে মণিপুৰ জ্বলি থকা সময়ত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক নিৰ্বাচনৰ লগতে বিদেশ ভ্ৰমণত ব্যস্ত হৈ আছিল ।

আনহাতে প্ৰাধনমন্ত্ৰী মোদীয়ে ৯ আগষ্টত ভাৰত ত্যাগ আন্দোলন লৈ কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে সম্প্ৰতি বিজেপিতহে অধিক পৰিয়ালবাদৰ ৰাজনীতি আছে । ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিং উত্তৰ প্ৰদেশৰ বিধায়ক, বিজেপিৰ প্ৰাক্তন কোষাধষ্য বেদ প্ৰকাশ গোৱেলৰ পুত্ৰ পীযুষ গোৱেল কেন্দ্ৰেীয় মন্ত্ৰী বুলি সদৰী কৰি তেওঁ ৰাষ্ট্ৰীয় বিজেপিত সম্প্ৰতি থকা ২৩ জন পৰিয়ালবাদৰ ৰাজনীতিকৰ তালিকা দাঙি ধৰে ।

আনহাতে দুৰ্নীতি ভ্ৰষ্টাচাৰক ভাৰত ত্যাগ কৰিবলৈ মোদীয়ে জনোৱা আহ্বানৰ প্ৰসংগত কয় যে বিজেপিতে বিয়াগোম বিয়াগোম দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়ক আছে । কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰূপ্পাৰ পৰ্বতসম দুৰ্নীতি, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ৭০ হাজাৰ কোটি টকাৰ দুৰ্নীতি, শুভেন্দু অধিকাৰীৰ সাৰদা-নাৰদা কেলেংকাৰীৰ কথা উল্লেখ কৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীৰ কথা বিজেপিয়ে নিজে নিজৰ পুস্তিকাত উল্লেখ কৰিছিল বুলি মোদীৰ মন্তব্যৰ ক্ষুৰধাৰ সমালোচনা কৰে ।

আনহাতে দেশত বেংকত থকা ৰাইজৰ ধন উদৰস্থ কৰি বিদেশলৈ পলাই যোৱা নিৰৱ মোদী, বিজয় মালিয়া, মেহোৰ ছক্সি, ললিত মোদীক মোদী চৰকাৰৰ দিনতে ভিছা প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ’ৰ পুত্ৰ জয় শ্বাহে ৫০০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি এবছৰৰ ভিতৰত ৮০০০০ কোটি টকালৈ কেনেকৈ বৃদ্ধি কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

সংবাদমেল অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু, সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা আৰু কোষাধ্যক্ষ ঘনকান্ত চুতীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: "Manipur is our jigar ka tukda": অতি শীঘ্ৰেই কলিজাৰ টুকুৰাত লগা হিংসাৰ জুই নিৰ্বাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.