ETV Bharat / state

TMC Leader Ripun Bora: নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে উত্তৰ-পূৰ্বাঞ্চলে; ৰিপুন বৰা - অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ

জয়ানগৰস্থিত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ ৷

Ripun Bora Slams CM Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ
author img

By

Published : Jul 11, 2023, 10:24 PM IST

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল

গুৱাহাটী, 11 জুলাই: মহানগৰীৰ জয়ানগৰস্থিত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ সংবাদমেলত বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ ৷

উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যই ইউনিফৰ্ম চিভিল ক’ডৰ বিৰোধিতা কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই ৷ এই সন্দৰ্ভত বৰাই কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়ে ইউনিফৰ্ম চিভিল ক’ডৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ ইতিমধ্যে মিজোৰামে ইউনিফৰ্ম চিভিল ক’ড অমান্য কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্যিক বিধানসভাত ৷ এই প্ৰসংগত ৰিপুন বৰাই কয় যে, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে উত্তৰ-পূৰ্বাঞ্চলে ৷ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছেও তীব্ৰ বিৰোধিতা কৰিছে ইউনিফৰ্ম চিভিল ক’ডৰ বুলি কয় নেতাজনে ৷ গণতান্ত্ৰিক, বৈচিত্ৰময় ভাৰতবৰ্ষত ইউনিফৰ্ম চিভিল ক’ড প্ৰযোজ্য হ’ব নোৱাৰে ৷ কেন্দ্ৰই জোৰ-জবৰদস্তি কৰি ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰী কৰিলে ভাৰতৰ সামাজিক গাঁথনি নষ্ট হ’ব বুলিও কয় তেওঁ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যই বিজেপিৰে মিত্ৰতা থকা স্বত্তেও নিজৰ স্বকীয়তা, স্বাভিমান বাদ নিদি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লবলৈ যোৱা নাই বুলি কয় তৃণনূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মহম্মদ বিন টোগলকৰ মাজত কোনো পাৰ্থক্য নাই ৷ উচ্চ ন্যায়ালয়ে সমগ্ৰ গুৱাহাটীৰ গাম্ভীৰ্যতা তথা শোভা ধৰি ৰাখিছে ৷ বহু ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল উচ্চ ন্যায়ালয় ৷ লগতে খাৰঘুলিত নিৰ্মাণ কৰি থকা হৈছে ন্যায়াধীশসকলৰ বাবে আৱাস ৷ গুৱাহাটীত উচ্চ ন্যায়ালয় থকা বাবেই অধিবক্তা সকলৰ লগতে সাধাৰণ জন-সাধাৰণৰ যথেষ্ট সুবিধা হৈছিল ৷ তেনেস্থলত ঋণত পোত গৈ থকা সময়তেই অযথা ধন ব্যয় কৰি গুৱাহাটীত উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰিকল্পনা কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত ঠিকা আৰু কমিছনৰ স্বাৰ্থত বুলি কয় তেওঁ ৷

লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ তথা সমষ্টিৰ নতুন নামাকৰণৰ বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাই কয় যে, নিৰ্বাচনী আয়োগ মেৰুদণ্ডহীন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে ৷ মাত্ৰ দুমাহৰ ভিতৰত 126 টা বিধানসভা সমষ্টি আৰু 14 টা লোকসভা সমষ্টি নামত পৰিভ্ৰমণ কৰি খচৰা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে ৷

তেওঁ পুনৰ কয় যে, সমষ্টি সমূহৰ নাম সলনি কৰি ঐতিসাহিক নাম দিয়াক লৈ আমাৰ আপত্তি নাই ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সৰ্বনাশ কৰিছে মুখ্যমন্ত্ৰীয়ে বুলি কয় অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ এহাতে খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি নি আনহাতে নাম সলনি কৰাটো নিৰৰ্থক ৷ প্ৰতিটো সমষ্টিত সংখ্যাগৰিষ্ঠ হৈ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা জনগোষ্ঠী সমূহক টুকুৰা টুকুৰ কৰি সংখ্যালঘুত পৰিণত কৰিলে ৷ অতি শীঘ্ৰেই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ সকীয়নি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

লগতে পঢ়ক: Bhupen Bora Vs Pijush Hazarika: ড৹ ভূপেন বৰা বনাম গাইড পীযুষ হাজৰীকা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.