গুৱাহাটী,21 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পৰিবহন বিভাগক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম ৰাজ্যিক পৰিবহন নিগমে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ চৰকাৰৰ পৰা অবন্টন পোৱা ৭০ কোটি টকাৰে ৰাজ্যিক পৰিবহন নিগমে যাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে কেইবাটাও উন্নয়নমূলক সিদ্ধান্ত ৷ আবন্টিত 70 কোটিৰ ২০ কোটি টকা ব্যয় কৰা হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা পৰিবহন নিগমৰ বাছ অৱস্থান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত ৷ উবেৰাইজেচন আঁচনিৰ অধীনত চৰকাৰে অবন্টন কৰা ৫০ কোটি টকাৰে ৬৭৮ খন নতুন বাছ অন্তৰ্ভুক্ত কৰিব পৰিবহন নিগমে ৷ এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে গাড়ীৰ মূল্যৰ ২৫% অনুদান লাভ কৰিব, ইয়াৰে ১৫% হিতাধিকাৰী সকলে পৰিশোধ কৰাৰ বিপৰীতে ১০% ৰেহাই দিয়া হ'ব ৷ এই আঁচনিৰ অধীনত পৰিবহন নিগমে প্ৰথম অৱস্থাত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ আৰু যোৰহাট চহৰত গাড়ী সমূহ চলাচলৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে আবেদন আৰম্ভ কৰিছে ৷ ২৯ ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ৷
উল্লেখ্য যে, উবেৰাইজেচন আঁচনিৰ অধীনত আবেদন কৰা ব্যক্তি সকলৰ ভিতৰত গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত অভিজ্ঞ ব্যক্তি সকলক গুৰুত্ব প্ৰদান কৰা হ’ব যাতে যাত্ৰী সকলে উপযুক্ত সুবিধা লাভ কৰিব পাৰে ৷ আঁচনিৰ জৰিয়তে লাভ কৰা গাড়ী সমূহ হিতাধিকাৰী সকলে অতি কমেও পাঁচ বছৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাব লাগিব ৷ প্ৰথম অৱস্থাত ৬৭৮খন বাছ উবেৰাইজেচন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে যদিও পৰৱৰ্তী সময়ত বাছৰ সংখ্যা বৃদ্ধি কৰা হ'ব ৷
লগতে পঢ়ক-UPPLত যোগদান প্ৰমোদ বড়োৰ